অসম

assam

ETV Bharat / state

ঐতিহাসিক চাৰণ বিলৰ পাৰত বনভোজকাৰীৰ ভিৰ

ক'ৰণা মহামাৰীৰ মাজতে আনন্দ উল্লাসেৰে ইংৰাজী নৱবৰ্ষক আদৰিলে দেশৰ লগতে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ প্ৰায় বিলাক বনভোজস্থলীতে শুকুৰবাৰে দেখা গ'ল শতাধিক বনভোজকাৰী ভিৰ ৷ পিছ পৰি নাথাকিল মৰিগাঁও ঐতিহাসিক চাৰণ বিলৰ পাৰ ৷ মৰিগাঁৱৰ চাৰণ বিল পাৰ্কৰ বনভোজস্থলীত নাচি-বাগি, মাছ-মাংসৰে লগে-ভাগে তৃপ্তিৰে এসাঁজ খাই ইংৰাজী নৱবৰ্ষক আদৰিলে শতাধিক বনভোজকাৰীয়ে ৷

By

Published : Jan 1, 2021, 7:06 PM IST

Updated : Jan 1, 2021, 8:09 PM IST

new-year-celebration at morigaon
ঐতিহাসিক চাৰণ বিলৰ পাৰত বনভাজকাৰীৰ ভিৰ

মৰিগাঁও, 1 জানুৱাৰী : 2021 চনৰ প্ৰথম দিনটোতে বনগীত, বিহুগীতৰে মুখৰিত হল চাৰণ বিলৰ বনভোজ স্থলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ চাৰণ বিল পাৰ্কৰ বনভোজ স্থলীত আনন্দত মতলীয়া হৈ নাচি-বাগি, মাছ-মাংসৰে লগে-ভাগে তৃপ্তিৰে এসাঁজ খাই ইংৰাজী নৱবৰ্ষক আদৰিলে বনভাজকাৰী সকলে ৷

ঐতিহাসিক চাৰণ বিলৰ পাৰত বনভাজকাৰীৰ ভিৰ

উল্লেখ্য যে, ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত মৰিগাঁও ঐতিহাসিক চাৰণ বিলৰ পাৰত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা শতাধিক লোক আহি নতুন বছৰক আদৰণি জানোৱাৰ উদ্দেশ্যে ভিৰ কৰে ।

লগতে পঢ়ক:অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন ৰণজিৎ কুমাৰ দাসৰ

Last Updated : Jan 1, 2021, 8:09 PM IST

ABOUT THE AUTHOR

...view details