অসম

assam

ETV Bharat / state

মৰিগাঁৱত ক’ভিডৰ নিৰ্দেশনা পালন

বুধবাৰে মৰিগাঁও চহৰত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন ক’ভিড সম্পৰ্কীয় নিৰ্দেশনা পালন কৰে ৰাইজে ৷ কিন্তু দোকান-পোহাৰ বন্ধ কৰাৰ সময়তে বৰষুণ-ধুমুহাই দিলে বিধি-পথালি ৷

মৰিগাঁৱত ৰাজ্য চৰকাৰে ঘোষণা কৰা ক’ভিড নিৰ্দেশনা পালন
মৰিগাঁৱত ৰাজ্য চৰকাৰে ঘোষণা কৰা ক’ভিড নিৰ্দেশনা পালন

By

Published : May 6, 2021, 4:02 PM IST

মৰিগাঁও,6 মে’: ক’ভিড 19 ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা ৰাজ্যত জাৰি হৈছে নতুন কেতবোৰ নিৰ্দেশনা ৷ এই নিৰ্দেশনা অনুসৰি পূৰ্বৰ কিছু নিৰ্দেশনাৰ সলনি কৰা হৈছে ৷ বুধবাৰৰ পৰা দিনৰ ২ বজাতে সকলো বজাৰ বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

নিৰ্দেশনা অনুসৰি মৰিগাঁৱতো দুই বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিলে । পিছে দোকান-পোহাৰ বন্ধ কৰাৰ সময়তে বৰষুণ ধুমুহাই দিলে বিধি-পথালি । ফলত ঘণ্টাৰ পিছত ঘণ্টা ব্যৱসায়ীসকল আবদ্ধ হৈ থাকিবলগা হ’ল বজাৰত ।

লগতে পঢ়ক : ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

ABOUT THE AUTHOR

...view details