অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি

বুধবাৰে মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1385 গৰাকী লোকৰ ক’ভিড-19ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 131 গৰাকীৰ দেহত ক‘ভিড-19ৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ ফলত বুধবাৰৰ দিনটোত মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি ।

মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি
মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি

By

Published : May 6, 2021, 6:58 AM IST

মৰিগাঁও, 6 মে’: সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ দিনটোত বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1385 গৰাকী লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা কৰা হয় । ইয়াৰে 131 গৰাকীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে ।

মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি

ইয়াৰ ফলত বুধবাৰৰ দিনটোত মৰিগাঁৱত ক’ভিড ৰোগীৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি হয় । এপ্ৰিলৰ পৰা জিলাখনত মুঠ 39,740 গৰাকী লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হোৱাৰ বিপৰিতে ইয়াৰে 893 গৰাকীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, জিলাখনত এপ্ৰিলৰ পৰা মুঠ 199 গৰাকী ক’ভিড-19 ৰোগী সুস্থ হোৱাৰ বিপৰিতে বুধবাৰ দিনটোত চিকিৎসাধীন 59 গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ আনহাতে, জিলা স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে, 679 গৰাকী ৰোগীক হোম আইছ’লেচনত ৰখাৰ লগতে 47 গৰাকী ৰোগী চিকিৎসাধিন হৈ আছে ।

বুধবাৰ দিনটোত সংক্ৰমণৰ হাৰ 9.4 (ৰেপিড এন্টিজেন) আৰু (ৰেপিড এন্টিজেন আৰু আৰটিপিচিআৰ) হাৰ 2.3 বুলি সদৰি কৰে জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details