মৰিগাঁও, 10 এপ্ৰিল :ক্ৰীড়াৰ ক্ষেত্ৰত উজলিবলৈ ধৰিছে অসমৰ ইজনৰ পিচকত সিজন খেলুৱৈ ৷ মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াৰ জগতখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছে তাৰ পিছৰে পৰাই ৰাজ্যখনৰ বিভিন্ন জিলাত ক্ৰীড়াভিত্তিক পৰিৱেশ গঢ় লৈ উঠা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে অসমৰ সুযোগ্য সন্তান মৰিগাঁও নিবাসী সত্যজিৎ বৰদলৈয়ে (National football player from Assam) ৷
সাত সাগৰ তেৰ নদীৰ সিপাৰে চৌদি আৰৱত কৰ্ণাটকক চেম্পিয়নৰ খিতাপ উপহাৰ দি দেওবাৰে প্ৰথমবাৰৰ বাবে স্বগৃহত উপস্থিত হয় অসম সন্তান তথা ৰাষ্ট্ৰীয় ফুটবলাৰ সত্যজিৎ বৰদলৈ । আপোন ল’ৰাজনে বিদেশত ফুটবলৰ জৰিয়তে অসমৰ নাম উজলাবলৈ সক্ষম হয় ৷ তাকে লৈ উৎফুল্লিত সত্যজিতৰ গাঁওবাসীয়ে দেওবাৰে তেওঁক জনালে বিপুল আদৰণি । চৌদি আৰৱত অনুষ্ঠিত ফুটবল গেমত কৰ্ণাটক ফুটবল একাদশৰ হৈ গ’লকীপাৰ হিচাপে খেলিছিল সত্যজিৎ বৰদলৈয়ে (Satyajit Bordoloi played as a goalkeeper) ।
মৰিগাঁৱৰ এটা জনজাতীয় এলেকাৰ পৰা গৈ কৰ্ণাটকৰ ফুটবল একাদশক নেতৃত্ব প্ৰদান কৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চৌদি আৰৱত দুভৰি যাদুৰে সুন্দৰভাৱে প্ৰতিপক্ষৰ প্ৰতিটো প্ৰত্যাহ্বানক ওফৰাবলৈ সক্ষম হয় সত্যজিৎ ৷ নিজৰ খেলৰ চমকেৰে কৰ্ণাটকৰ লগতে সমগ্ৰ ফুটবল প্ৰেমীৰে আপোন হৈ পৰা সত্যজিৎ দেওবাৰে স্বগৃহলৈ উভতি অহাৰ বাতৰি লাভ কৰি সমগ্ৰ ঔজাৰি বাসী চহা গ্ৰাম্য সমাজখন উৎফুল্লিত হৈ পৰে । ঢোল-পেঁপা, তাল, দবা-নাগাৰা, গায়ন-বায়নৰ দলৈ গীত নৃত্য প্ৰদৰ্শন কৰি বহুকেইখন গাড়ীয়ে আদৰি আনি ঔজাৰি ন জোৱান সংঘৰ বাকৰিত গামোচা, জাপি, শৰাই, প্ৰশস্তি পত্ৰৰে আদৰণি জনাই তেওঁলোকে সত্যজিতক ।