মৰিগাঁও, 17 জুন:নাকচ হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননী ৷ বিগত 15 জুনত আছিল কাগজ কল দুটাৰ নিবিদাৰ সময়সীমা ৷ কিন্তু উক্ত দিনটোত কোন এজন উদ্যোগতপতিয়ে চৰকাৰক আমানত ধন আৰু যাৱতীয় নথি পত্ৰ জমা নিদিলে ৷ যাৰ ফলত নীলামৰ ম্যাদ ওকলি গ’ল কাগজ কল দুটাৰ ৷
ইফালে বৃহস্পতিবাৰে জাগীৰোড আৰু কাছাৰ কাগজ কলৰ নীলামক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কাগজ কলৰ কৰ্মচাৰীৰ যৌথ মঞ্চৰ সম্পাদক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে । তেওঁ কয় যে যিহেতু নীলামৰ ম্যাদ উকলাৰ পিছত চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰাৰ এটা সুযোগ প্ৰদান কৰিব ।
জাতীয় সম্পদ ধ্বংশ নকৰিব: মানবেন্দ্ৰ চক্ৰৱৰ্তী বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ ছেপ্টেম্বৰত কেন্দ্ৰক সময় বিচাৰি মিল দুটাক পুনৰ জীৱিত কৰাৰ বাবে দুবাৰকৈ প্ৰস্তাৱ আগবঢ়াইছিল । যিতুকে বৰ্তমান নিলাম নহ’ল মিল দুটাৰ, সেয়ে যথেষ্ট সময় আছে চৰকাৰৰ হাতত ৷
এনে পৰিপেক্ষিতত অসমৰ আৰ্থ-সামাজিক দিশত এক সবল ভূমিকা গ্ৰহণ কৰি পুনৰ কাগজ কল দুটা কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে কাগজ কলৰ কৰ্মচাৰীৰ যৌথ মঞ্চৰ সম্পাদক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ।
লগতে পঢ়ক:বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসক শেষ শ্ৰদ্ধাঞ্জলি