মৰিগাঁও, 16 এপ্ৰিল :আজি গোঁসাই বিহু ৷ দেওবাৰে গোঁসাই বিহুৰ উপলক্ষে মৰিগাঁও ফুলবাৰীবাসী ৰাইজ তথা ফুলবাৰী বিহু সন্মিলনীৰ উদ্যোগত বিগত বছৰসমূহৰ লেখীয়াকৈ এদিনীয়া বিস্তৃত কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা হৈছে ত্ৰয়োদশ বসন্তোৎসৱ (Mukoli bihu held in Morigaon fulbari)। ইয়াৰ অংশ স্বৰূপে পুৱা 9 বজাত ফুলবাৰী বিহু সন্মিলনীৰ সভাপতি মাধৱ শৰ্মাই পতাকা উত্তোলন আৰু কাৰ্যকৰী সভাপতি ভূৱনেশ্বৰ মহন্তই বন্তি প্ৰজ্বলন কৰে ।
তাৰ পাচত প্ৰায় 10:30 বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ এই মুকলি বিহুৰ অংশস্বৰূপে বিয়লি ভাগত ফুলবাৰী বিহু সন্মিলনীয়ে সমূহীয়াকৈ বিহু সেৱা প্ৰদান কৰে ক্ৰমে, ডাঃ ৰবিন হাজৰিকা, লক্ষ্মীৰাণী শ্বাহা আৰু দুলুৰাণী বৰাক ৷
আনহাতে, বিয়লি প্ৰায় 4 বজাত মুকলি বিহু উদ্বোধন কৰে মৰিগাঁৱৰ সুযোগ্য সন্তান তথা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই । উদ্বোধক উৎপল কুমাৰ শৰ্মাই উদ্বোধনী ভাষণত কয়, ‘‘বিহুৱে অসমীয়া জাতীয় জীৱনলৈ গ্ৰাম্য অৰ্থনৈতিক দিশটো শক্তিশালী কৰে । বিহুক চহা জীৱনৰ উৎসৱ বুলি কোৱা হয়’’ ৷ লগতে তেওঁ অনাগত সময়ত ফুলবাৰী সমাজখনেও ছাত্ৰ সন্থাক দিহা পৰামৰ্শ দি থাকিব বুলি উল্লেখ কৰে ৷