অসম

assam

ETV Bharat / state

Morigaon rangali bihu: বসন্ত উৎসৱত বিহুগীত জুৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে - ৰঙালী বিহু

মৰিগাঁৱৰ বিভিন্ন স্থানত উলহ-মালহেৰে ৰঙালী বিহু উদযাপন ৷ বিহু বুলি এফাকি গীত জুৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়েও ৷ ঢোল-পেঁপাৰ মাতত মুখৰিত মৰিগাঁৱৰ আকাশ বতাহ (Rangali Bihu celebration in Assam)

mukoli bihu function
বসন্তোৎসৱ

By

Published : Apr 19, 2023, 10:06 PM IST

মৰিগাঁৱত দুদিনীয়াকৈ বসন্তোৎসৱ

মৰিগাঁও, 19 এপ্ৰিল : মৰিগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বসন্তোৎসৱ ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচতে প্ৰয়াত কৃতী শিক্ষক পদ্মকান্ত হাজৰিকা সোঁৱৰণী তোৰণৰ উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই । দুপৰীয়া ভাগত বিহু যোজনা পৰিৱেশনৰে মুকলি বিহু উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷ ভাষণ প্ৰসংগত বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাপতি সাহোন বিহুটিয়ে গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱাটোত আৰু কি লাগিছে বুলি মন্তব্য কৰে ।

ৰঙালী বিহু সন্মিলনত ভিন্ন ঠাইৰ পৰা অহা বিহু দল সমূহে পৰিৱেশন কৰে মুকলি বিহু । বিধায়ক ৰমাকান্ত দেউৰীয়েও মুকলি বিহুত পৰিৱেশন কৰিলে এফাকি বিহু । উক্ত সন্মিলনত মৰিগাঁও সমাজ, সংস্কৃতিক ৰাইজৰ মাজলৈ নি মৰিগাঁও জিলাবাসীলৈ গৌৰৱ কঢ়িয়াই অনা বিশিষ্ট চিকিৎসক ডাঃ অমৰজ্যোতি ডেকা, যুৱ সাহিত্যিক নিউটন কোঁৱৰ বসুমতাৰী, জ্যেষ্ঠ অভিনেত্ৰী সুশীলা দত্ত, শিশু অভিনেতা ঔম কাশ্যপ, অসমীয়া ধাৰাবাহিকত বলিষ্ঠ অভিনয় কৰি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা বিমলজ্যোতি বৰদলৈক বিহুৱান, চেলেং, জাপি আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় । এই বিহুতলীত উজনি নামনিৰ বিভিন্ন বিহুদলে পৰিৱেশন কৰে মুকলি বিহু । মুকলি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি সম্পাদক, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলী, জিলা সাহিত্য সভাৰ সভাপতিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি (Morigaon rangali bihu sanmilan) ৷

ঢোল, পেঁপা, গগণাৰ মাতত ৰাজ্যৰ চৌদিশ ৰজনজনাই যায় মৰিগাঁৱত ৷ বসন্তোৎসৱৰ লগতে লঠাবড়ী শংকৰজ্যোতি কলাগোষ্ঠীৰ উদ্যোগতো অনুষ্ঠিত হ’ল মুকলি বিহু । লঠাবড়ী বামুণ গোহাঁই থানৰ বিহু বাকৰিত অনুষ্ঠিত মুকলি বিহু উদ্বোধন কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই । আনহাতে, বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকাই ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মুকলি বিহুৰ পুৱা বিহুৱান উত্তোলন কৰে সভাপতি লক্ষ্য কুমাৰ নাথে ।

ইয়াৰ পিচতেই বৃক্ষৰোপন আৰু পুৱা ন বজাৰ পৰা অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা । বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়াই জিলা পৌৰাসভাৰ পৌৰাপাতি যোগেশ তামুলীয়ে ৷ মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰা মুকলি বিহুত স্থানীয় বিহুদলৰ লগতে জাংফাই বিহুৱা দল, প্ৰগতিশীল বিহুৱা দলকে ধৰি দহটাৰো অধিক বিহুদলে অংশগ্ৰহণ কৰে (Morigaon mukoli bihu) ।

একেদৰে মৰিগাঁও চহৰৰ মালপোতা ৰৈনাপথাৰত বিগত বছৰ সমূৰ লেখীয়াকৈ দশম বাৰ্ষিক ৰঙালী বিহুৰ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মুকলি বিহু । সমান্তৰালকৈ গছৰগুৰিত ত্ৰিবেণী সংঘ আৰু পুথিভঁৰাল গছৰগুৰি বিহুবাকৰিত অনুষ্ঠিত মুকলি বিহুৰ উদ্বোধন আৰু স্মৃতি গ্ৰন্থ দীঘলতি উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । এই মুকলি বিহু প্ৰদৰ্শনী কাৰ্যসূচীত শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই অজিত শৰ্মাই, অতনু শৰ্মাকে আদি কৰি কেইবাটাও জাতীয় সংগঠনৰ নেত‌ত্বই ।

আনহাতে মৰিগাঁও বাছনাঘাট শিঙিমাৰীত ৰূপজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন । এই ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিহুৰ ইতিহাস তথা পৰিৱৰ্তিত ৰূপৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই জিলা মিডিয়া ক্লাৱ, মৰিগাঁৱৰ সভাপতি ৰাতুল ডেকা, কৃষক সংগঠক তুলসী ডেকা, অঞ্চলটোৰ যুৱ সাংবাদিক ভৰত কুমাৰ নাথ, সমাজ সেৱক হেমন্ত কুমাৰ কোঁৱৰৰ লগতে অঞ্চলটোৰ কেইবাগৰী সাংস্কৃতিক কৰ্মীয়ে । এই মুকলি বিহুত কেইবাটাও বিহুদলে বিহুনাচ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হয় (mukoli bihu function) ।

লগতে পঢ়ক :Moran Bihu at Tinsukia: আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বিহু

ABOUT THE AUTHOR

...view details