অসম

assam

By

Published : Oct 26, 2019, 9:13 PM IST

ETV Bharat / state

মৰিগাঁৱত মৃত্যুঞ্জয় ১০৮ সেৱাৰ উপভোক্তা সন্মিলন

মৰিগাঁৱত ১০৮ জৰুৰী কালীন সেৱাৰ চালক তথা বিষয়া কৰ্মচাৰী সন্মিলন সম্পন্ন । শনিবাৰৰ এই সমাৰোহত জিলাখনৰ জৰুৰী কালীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনাৰ কৰা হয় ।

মৰিগাঁৱত ১০৮ জৰুৰী কালীন সেৱাৰ চালক তথা বিষয়া কৰ্মচাৰী সন্মিলন সম্পন্ন

মৰিগাঁও, 26 অক্টোবৰ: ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক বিগত ৮ বছৰে জৰুৰীকালীন ভাৱে সেৱা আগবঢ়াই অহা মৃত্যুঞ্জয় ১০৮ সেৱাৰ বিষয়া কৰ্মচাৰীৰ এখন উপভোক্তা সন্মিলন অনুষ্ঠিত হয় ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সন্মিলনখনত উপস্থিত থাকি মৃত্যুঞ্জয় সেৱাৰ সেৱা সমূহৰ বিষয়ে ভাষণ প্ৰদান কৰে ক্ৰমে মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী বৰকটকী,মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মবিদুৰ ৰহমান,জ্যেষ্ঠ চিকিৎসক সোনেশ্বৰ দেউৰজা,১০৮ সেৱাৰ মাণ্ডলিক প্ৰৱন্ধক ভাস্কৰজ্যোতি দাস,পি এম বিশ্বজ্যোতি ভট্টাচাৰ্য,মৰিগাঁও জিলা মুখ্য বিষয়া খগেন গায়নে ৷ উল্লেখযোগ্য যে,মৰিগাঁৱত বিগত ৮ বছৰে ২৪ খন এম্বুলেন্সৰ ১০০ কৰ্মচাৰীয়ে দিনে নিশাই সেৱা আগবঢ়াই আহিছে ৷ মৃত্যুঞ্জয় বাহনৰ কৰ্মী ৰূপমলাল শৰ্মাই আত ধৰা এই সন্মিলন খনত জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজ উপস্থিত থাকি মত বিনিময় কৰে ৷ মৰিগাঁৱৰ জিলা প্ৰবন্ধত ভাস্কৰ জ্যোতি দাসে এম্বুলেঞ্চ চালক তথা বিষয়া কৰ্মচাৰী সকলক নিজৰ মাজৰে এজন বুলি গণ্য কৰে কাৰণ তেওঁলোকে নিজৰ ঘৰ সংসাৰ এৰি নিৰন্তৰে সেৱা আগবঢ়াই। মনকৰিবলগীয়া আন জিলাৰ তুলনাত জিলা খনত গড়ে মাহিলি ৩৫০০ ৰোগীক সেৱা আগবঢ়াই। চহৰৰ বিপৰীতে গাঁৱৰ ৰোগীসকল অধিক অগ্ৰাধিকাৰ দিয়া হয় বুলিও মন্তব্য কৰে এই বৈঠকত ।

মৰিগাঁৱত ১০৮ জৰুৰী কালীন সেৱাৰ চালক তথা বিষয়া কৰ্মচাৰী সন্মিলন সম্পন্ন

ABOUT THE AUTHOR

...view details