মৰিগাঁও, 26 ছেপ্টেম্বৰ:কোনে কাক কেতিয়া শেষ কৰিব ! সেয়া সময়ে ক’ব ৷ কিন্তু ৰাজনৈতিক নেতাসকলৰ মাজত কংগ্ৰছে মুক্ত বা বিজেপি মুক্তৰ প্ৰসংগ সঘনাই চৰ্চা চলিছে ৷ বিশেষকৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ মুক্ত বা বিজেপি মুক্ত কথা চলে ৷ সেয়ে অলপ চেষ্টা কৰিলে কংগ্ৰেছ মুক্ত কৰিব পৰা হ’ব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কোৱা মন্তব্যক ওভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷
সোমবাৰে জাগীৰোডত সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয়, ‘‘বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰীকা এসময়ত কংগ্ৰেছৰ দলৰে আছিল ৷ সেই কথা তেওঁ কিয় পাহৰিছে ৷ তেওঁ পিতৃ কংগ্ৰেছত আছিল ৷ এসময়ত যুৱ কংগ্ৰেছ কৰি ৰাজনীতিলৈ আহিল ৷ যেতিয়া অহংকাৰী হৈ থাকে বা গৰম ভাতৰ ধোঁৱাই খোৱা বুলি কয় তেতিয়া এনেধৰণৰ কথা কয় ৷ ইমান ডাঙৰ অহংকাৰী কথা ক’ব নাপায় ৷ কোনো শক্তিয়ে কংগ্ৰেছ দলক শেষ কৰিব নোৱাৰে ৷’’