অসম

assam

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমাল : প্ৰদ্যুৎ বৰদলৈ

By

Published : Sep 2, 2020, 10:45 PM IST

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে চৰকাৰী পক্ষৰ পকেটত সোমাই ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ মৰিগাঁৱত এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

MP Pradyut Bordoloi Reaction On National Media
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমালঃ প্ৰদ্যুৎ বৰদলৈ

মৰিগাঁও, 2 ছেপ্তেম্বৰ :মৰিগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ । ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে চৰকাৰী পক্ষৰ পকেটত সোমাই ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৰাকীয়ে । মৰিগাঁৱত ভিজন টাইম অসম নামৰ সামাজিক মাধ্যমৰ সংবাদ প্ৰতিষ্ঠান এটা উদ্ধোধন কৰাৰ সময়ত এই মন্তব্য প্ৰদান সাংসদ প্ৰদ্যুত বৰদলৈৰ ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমালঃ প্ৰদ্যুৎ বৰদলৈ

আনহাতে, তেওঁ পুনৰ কয় যে, ডিজিটেল মিডিয়াই সত্য আৰু শুদ্ধ বাতৰি পৰিবেশনৰে সংবাদ মাধ্যমৰ গৰিমা অক্ষুণ্ণ ৰাখিব । সেয়েহে সামাজিক সমতা ৰক্ষাৰ বাবে সামাজিক মাধ্যম বৰ্তমান অতিকৈ প্ৰাসংগিক বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details