মৰিগাঁও, 30 জুন :মৰিগাঁওবাসী ৰাইজৰ বিলৈ ৷ বানপানী আহিলে এসপ্তাহ দহ দিনত শুকাই যায়, কিন্তু খহনীয়া বছৰটো ধৰি চলি থাকে । খহনীয়াৰ ফলত হাজাৰ হাজাৰ হেক্টৰ খেতি মাটি ইতিমধ্যেই উছন হৈছে । ৰজা মায়ঙৰ কুৰিখনতকৈ অধিক ৰাজহ গাঁও নিঃচিহ্ন হোৱাৰ নিচিনাকৈ সমগ্ৰ মৰিগাঁৱৰ উত্তৰ অঞ্চলত যিদৰে গৰাখহনীয়া হৈছে, সেই সমূহ অঞ্চলো নিঃচিহ্ন হোৱাৰ দিশে ৷ ইতিমধ্যেই ভীতিগ্ৰস্ত হৈ সেই অঞ্চলসমূহৰ বাসিন্দাসকল স্থানান্তৰিত হৈছে ৷
শুকুৰবাৰে মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত জিলা পৰ্য্যালোচনা সভাত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ প্ৰদুৎ বৰদলৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত বহু খুটি-নাতি থকাৰ কথা প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন আয়োগক শাসকীয় দলৰ ৰাজনৈতিক হাতিয়াৰ নহ’বলৈ আহ্বান জনায় ৷ সাংসদগৰাকীয়ে সমষ্টি পুনৰ গঠনৰ সন্দৰ্ভত শাসকীয় দলৰ নেতা-কৰ্মীসকলে শুৱনি কোঠাত বহি এই খচৰা প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰে । নগাঁৱৰ সাংসদ গৰাকীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত আশ্বাস আৰু বিশ্বাস থকা বুলি উল্লেখ কৰি আসোঁৱাহ থকা সমষ্টিৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে ।