মৰিগাঁও,৩১ জানুৱাৰী : ৰাজ্যজুৰি পালন কৰা হৈছে আহোম সমাজৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি (Me Dam Me Phi 2023)। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো চৰাইবাহী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে এই ধৰ্মীয় উৎসৱ (Me Dem Me Fi celebration in Morigaon)। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমান ক্ষোভিত হৈ পৰে । বাঘ হাজৰিকাক লৈ ৰাজনীতি কৰাত ক্ষোভিত হৈ পৰে মতিউৰ ৰহমান ।
মতিউৰ ৰহমানে কোৱা মতে বাঘ হাজৰিকাক লৈ শাসকীয় পক্ষৰ মাজতে বাক বিতণ্ডা সৃষ্টি হোৱাটো দুভাৰ্গ্যজনক (Bagh Hazarika controversy)। তেওঁ উল্লেখ কৰা মতে কবি মফিজুদ্দিন আহমদ হাজৰিকাই বাঘ হাজৰিকাক অষ্টম পুৰুষ বুলি উল্লেখ কৰি থৈ গৈছে । বাঘ হাজৰিকাক কোনোবাই নসাৎ কৰিব খুজিলেও অসমীয়াৰ বুকুত, অন্তৰত আছে তেওঁ সদায় আছে । কিন্তু একাংশই মিছা কথা কৈ অসমৰ খিলঞ্জীয়াক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে ।
চন্দ্ৰ, সূৰ্য যেনেদৰে আছে বাঘ হাজৰিকাও আছে । তেওঁৰ মতে চন্দ্ৰ, সূৰ্য যিদৰে সঁচা বাঘ হাজৰিকাও সঁচা । ইয়াক কোনেও মচি পেলাব নোৱাৰে বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে অসমৰ বুৰঞ্জীক বিকৃত কৰিবলৈ শাসকীয় পক্ষৰ মাজতে বাক-বিতণ্ডা হৈ আছে আৰু সেয়া অতি পৰিতাপৰ কথা ।