মৰিগাঁও, 30 মাৰ্চ: এটা চাকৰি লাগে, পঢ়া সাং কৰাৰ পূৰ্বেই প্ৰতিটো ল’ৰাৰ মনলৈ আহে এই চিন্তা ৷ ইমান দিনে ঘৰৰ খৰচত পঢ়া-শুনা কৰিলে, এতিয়া চাকৰি এটা কৰি ঘৰখনক কিছু সকাহ দিব লাগে ৷ চৰকাৰী চাকৰি হ’লেতো কথাই নাই ৷ এই চিন্তা লৈয়েই হাজাৰ-বিজাৰ শিক্ষিত যুৱকে পূৰণ কৰে চাকৰি প্ৰাৰ্থীৰ তালিকা ৷ আমাৰ মানুহৰ চিন্তাবোৰ কোনোবা সময়ত এনেকুৱা হয়গৈ যে, চাকৰি নহ’লে জীৱনটো অসাৰ বুলি ভাবিবলৈ বাধ্য হয় বহু নিবনুৱা যুৱক (Unemployment in India) ৷
চাকৰিৰ পম খেদি খেদি এসময়ত বহু যুৱক হতাশ হৈ পৰে, বিকল্প পথ বিচাৰে উপাৰ্জনৰ বাবে ৷ দুৰ্ভাগ্যজনকভাৱে ইয়াৰে বহুজন বিপথগামীও হয় ৷ খেতি, ক্ষুদ্ৰ উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায় আদিৰ জৰিয়তেও জানো আমি স্বাৱলম্বী হ’ব নোৱাৰোঁ ৷ পথাৰ আমাৰ বজাৰো আমাৰ, কৰ্মই ধৰ্ম আদি শ্ল’গানবোৰ কেৱল শ্ল’গান হৈয়েই ৰ’ব, নে আমি তাক বাস্তৱ ৰূপ দিয়াৰ চিন্তা কৰিম ? বহু যুৱকে চাকৰি এটাৰ আশা খামুচি বহি থকাৰ সময়তে আন একাংশ যুৱকে কিন্তু স্বাধীন ব্যৱসায়, খেতি আদিৰে জীৱিকাৰ বাট বুলিবলৈ আৰম্ভ কৰিছে (Ways of Self earning) ৷
মৰিগাঁৱৰ এজন শিক্ষিত যুৱকৰ এক প্ৰচেষ্টাই শেহতীয়াকৈ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ পৰা ৷ মৰিগাঁও গড়মাৰীৰ পৰাশ আমফি নামৰ যুৱকজনে চাকৰিৰ সপোন এৰি নিজাকৈ আৰম্ভ কৰিলে এক ব্যৱসায় ৷ পূৰ্বে ব্যক্তিগতখণ্ডৰ এটা বেংকত চাকৰি কৰিছিল পৰাশে ৷ কিন্তু সেই চাকৰি ত্যাগ কৰি তেওঁ আৰম্ভ কৰিলে ক্লিনিং পাৰ্টনাৰ্চ নামেৰে এক ব্যতিক্ৰমী ব্যৱসায় ৷ লগত সাৰথি কৰি ল’লে আন দুজন যুৱকক ৷ ব্যতিক্ৰমী চিন্তাৰে পৰাশে আৰম্ভ কৰা এই ব্যৱসায় হৈছে চাফাই বা ক্লিনিঙৰ (Morigaon youth self dependent news) ৷