মৰিগাঁও, 22 জুনঃমৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ তথা জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰদলনী, সাতসাপৰি, বহা পাহাৰ আদি গাঁৱৰ গাওঁবুঢ়া জনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে গাওঁবাসী ৷ চৰকাৰী গাঁওবুঢ়াজনৰ দুষ্ট চৰিত্ৰৰ কথা পোহৰলৈ আহিছে এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচত ৷ বিশ্বজিৎ চিকদাৰ নামৰ গাঁওবুঢ়াজনে এগৰাকী অকলশৰীয়া বিধৱা মহিলাক যৌন নিৰ্যাতন চলোৱাৰ দৃশ্য বন্দী হৈ ৰৈছিল cctv কেমেৰাত ৷ ভুক্তিভুগী মহিলা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ অসহায় অৱস্থাৰ সুযোগ লৈ প্ৰায়েই তেওঁৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন ৷
অভিযোগ মতে, বিধৱা মহিলাগৰাকী অকলে থকাৰ সুযোগ লৈ বিশ্বজিৎ চিকদাৰে নিশা প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত ৷ আৰু সুৰাৰ ৰাগীত মাতাল হৈ ভয় ভাবুকিৰে দৈনিক মহিলাগৰাকীৰ ওপৰত চলাই আহিছে এই জঘন্য অত্যাচাৰ ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতে জাঙুৰ খাই উঠিছে গাঁওবাসী ৷