কলং-কপিলীৰ দুয়োপাৰ শুৱনি কৰিছে এবিধ অনামী উদ্ভিদে ! - etv_assam
চিৰপ্ৰৱাহিত কলং-কপিলীৰ জলৰাশিৰ দুয়োপাৰে এতিয়া ছানি ধৰিছে এবিধ অনামী বন্যপুষ্পই
![কলং-কপিলীৰ দুয়োপাৰ শুৱনি কৰিছে এবিধ অনামী উদ্ভিদে !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3644956-thumbnail-3x2-h.jpg)
মৰিগাঁও,২৪ জুনঃ কলং-কপিলিৰ দুয়োপাৰ শুৱনি কৰি তুলিছে এবিধ অনামী বনৰীয়া ফুলে। নদীৰ ইপাৰে সিপাৰে বন্যপুষ্পৰ ডাঠ আস্বাদন। নৈ পৰীয়া এই নৈসৰ্গিক সৌন্দৰ্য দেখি বাটৰুৱাই এপলক ৰৈ উপভোগ কৰে এই প্ৰাকৃতিক দৃশ্য । চ'ত ,ব'হাগৰ পৰা আহাৰৰ মাহলৈকে এনেদৰেই সুদূৰ ব্যাপি সুকুমল,শুকুলা দলিছা পাৰি দিয়ে অনামিকা বন্যপুষ্পবিধে । কেৱল বাটৰুৱাই সৌন্দৰ্য উপভোগ কৰাই নহয় । এই অঞ্চলত বহুজনে চিত্ৰনাট্যৰ দৃশ্যও গ্ৰহণ কৰে। বহুজনে আকৌ এই উদ্ভিদৰ প্ৰকৃত নাম আৰু গুণাগুণ জানিবলৈও উৎসুক হৈ পৰে । এওঁলোকে বনৰীয়া উদ্ভিদজোপাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ উদ্ভিদ বিভাগক ।