অসম

assam

ETV Bharat / state

জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উদ্যোগত এটি গীতৰ শুভমুক্তি - মৰিগাঁও জনসংখ্যা সমাধান

মৰিগাঁও জিলা সমিতি জ্যেষ্ঠ কৰ্মী তথা সভাপতি জ্যোতিপ্ৰসাদ দাসে উন্মোচন কৰে ফাউণ্ডেচনৰ এই শীৰ্ষ গীতটি । শীৰ্ষ গীতটিৰ উন্মোচনী সভাত বহিঃৰাষ্ট্ৰত থাকি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা জিলাখনৰ এগৰাকী বিশিষ্ট হোমিওপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ, শিক্ষক তথা সমাজ সেৱক তুলেন মেধি, চতিন ডেকাসহ বহু কেইজন সমাজসেৱী ব্যক্তি উপস্থিত থাকে ৷

Morigaon two child policy Inauguration
মৰিগাঁৱত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ শীৰ্ষকগীত উন্মোচন

By

Published : Oct 18, 2020, 1:01 PM IST

মৰিগাঁও,18 অক্টোবৰঃ দেওবাৰে মৰিগাঁৱত মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেচন সমিতিৰ উদ্যোগত সংকল্প গ্ৰহণ আৰু সংগঠনৰ এটি শীৰ্ষ গীত উন্মোচন। ডাঃ বিচিত্ৰ নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সংযোজক পুলিন কাকতিয়ে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি তুলসী পূজন ও বন্তি প্ৰজ্জ্বলন কৰে ডাঃ বিচিত্ৰ নাৰায়ণ ডেকাই। দীপমন্ত্ৰ পৰিবেশন কৰে মৰিগাঁও জনসংখ্যা সমাধান সমিতিৰ জ্যেষ্ঠ কৰ্মী মদন কাকতিয়ে।

মৰিগাঁৱত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ শীৰ্ষকগীত উন্মোচন

ফাউণ্ডেচনৰ এই শীৰ্ষ গীতটিnউন্মোচন কৰে মৰিগাঁও জিলা সমিতিৰ জ্যেষ্ঠ কৰ্মী তথা সভাপতি জ্যোতিপ্ৰসাদ দাসে। শীৰ্ষ গীতটিৰ উন্মোচনী সভাত বহিঃৰাষ্ট্ৰত থাকি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা জিলাখনৰ এগৰাকী বিশিষ্ট হোমিওপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ, শিক্ষক তথা সমাজ সেৱক তুলেন মেধি, চতিন ডেকাসহ বহু কেইজন সমাজসেৱী ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃ বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ABOUT THE AUTHOR

...view details