অসম

assam

ETV Bharat / state

মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ - তন্ত মন্ত্ৰৰ দেশ মায়ং

ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ঐতিহাসিক মায়ঙৰ কাছশীলা পৰ্যটন স্থলীয়ে । আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি হোৱাৰ পূৰ্বেই পৰ্যটকে ভিৰ কৰিছে কাছশীলা পৰ্যটনস্থলী ।

মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ
মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ

By

Published : Jan 5, 2021, 10:04 PM IST

মৰিগাঁও,5 জানুৱাৰীঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তন্ত মন্ত্ৰৰ দেশ মায়ং । ইয়াৰ অন্যতম আকৰ্ষণ হৈছে প্ৰত্নতাত্বিক স্থান কাছশীলা আৰু চনকা পাহাৰৰ সূৰ্যাস্ত পৰ্যটনস্থলী । ইপিনে কাছশীলাক পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু কৰিবৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ব্ৰহ্মপুত্ৰৰ বলুকাৰ ওপৰত নিৰ্মাণ কৰিছে তাৰকাযুক্ত হোটেল তথা ৰিৰ্জটছ।

মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ
মনকৰিবলগীয়া যে,বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ঐতিহ্যমণ্ডিত কাছশীলা পৰ্যটনস্থলীলৈ আগমণ ঘটিছে বিভিন্ন পৰ্যটকৰ । বিশেষকৈ এশিঙীয়া গঁড়ৰ ৰম্য ভূমি পবিতৰা অভয়াৰণ্য আৰু চনকা লৈ অহা প্ৰতিজন পৰ্যটকে কাছশীলা এই পৰ্যটন থলীৰ পৰা সূৰ্যাস্ত প্ৰত্যক্ষ কৰিবলৈ বিয়লি ভাগত ভিৰ কৰাৰ পৰিলক্ষিত হয় । উল্লেখযোগ্য যে,অসম চৰকাৰৰ পৰ্যটন বিভাগৰ এই ৰিজৰ্ট খন আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰাৰ পূৰ্বেই দৈনিক পৰ্যটক সকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ।লগতে পঢ়কঃ মাজুলীত স্কুটী বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details