অসম

assam

ETV Bharat / state

সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ

ৰাজ্যৰ ভ্ৰাম্যমান নাট্যজগতৰ বাবে এক সুখবৰ । আগন্তুক নবেম্বৰৰ পৰা প্ৰথম বৰ্ষৰ নাট্যাভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছে গীতাশ্ৰী নামৰ এখন থিয়েটাৰে । থিয়েটাৰখনত থাকিব তিনিখনকৈ জনপ্ৰিয় নাট ৷

morigaon-theatres-opening
সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ

By

Published : Oct 20, 2020, 7:28 AM IST

মৰিগাঁও, 20 অক্টোবৰ: নাট্যপ্ৰেমী সকলৰ বাবে সুখবৰ । অস্তিত্বৰ সংকটত পৰা অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে মৰিগাঁৱৰ এখন নতুন থিয়েটাৰে ৷ এই থিয়েটাৰখন হৈছে গীতাশ্ৰী থিয়েটাৰ ।

সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ

মৰিগাঁৱৰ এজন জনপ্ৰিয় নাট্যকৰ্মী বুলন হাজৰিকাৰ পৰিকল্পনা আৰু প্ৰযোজনাৰে আৰম্ভ হৈছে এই থিয়েটাৰখন ৷ অসমীয়া ভ্ৰাম্যমান নাট্যজগতৰ মননশীল চেতনাৰে আৰম্ভ কৰা থিয়েটাৰ খনত ৰখা হৈছে তিনিখন জনপ্ৰিয় মঞ্চ সফল নাট ৷ এই নাট কেইখন ক্ৰমে পদ্মধৰ হাজৰিকাৰ 'সংগোগ', সমৰেন্দ্ৰ বৰ্মণৰ 'কেনে আছা তুমি' আৰু ধ্ৰুৱজ্যোতি বৰাৰ 'মন এটি অবূজ সাঁথৰ' ।

2020-21 নাট্য বৰ্ষৰ বাবে গীতাশ্ৰী থিয়েটাৰত চুক্তিবদ্ধ হৈছে নয়ন নিৰ্বাণ, দ্বিপন ভঁৰালী, বিপুল বৰা । আনহাতে অভিনেত্ৰী ভিতৰত প্ৰিয়াংকী বৰা, ভাৰতী কলিতাৰ উপৰিও কেইগৰাকী ন-পুৰণি অভিনেত্ৰী থকাৰ কথা প্ৰকাশ কৰে থিয়েটাৰ খনৰ পৰিচালনা সমিতিয়ে ৷ আগন্তুক নবেম্বৰৰ মাহৰ পৰা প্ৰথম বৰ্ষৰ নাট্যাভিনয়ৰ যাত্ৰা আৰম্ভ কৰিব গীতাশ্ৰী থিয়েটাৰে ।

অন্য এক খবৰৰ বাবে:বেলুচিস্তানৰ নাগৰিকৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী কোন !

ABOUT THE AUTHOR

...view details