মৰিগাঁও,15 ফেব্ৰুৱাৰীঃ দেওবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে 19 খনকৈ আঁচনিৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে । ৬ নং মানিপুৰ তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিত স্থাপন কৰা হৈছে এই আধাৰশিলা ৷
উল্লেখ্য যে, পৰিষদৰ নিৰ্বাচনত শাসকীয় বিজেপি দলৰ পৰা ৬ নং মানিপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আইমণি পাটৰে জয় লাভ কৰিছিল ৷ নিৰ্বাচনৰ পূৰ্বে আইমণি পাটৰে নিৰ্বাচনত জয় লাভ কৰিলে অঞ্চলটোৰ ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেই প্ৰতিশ্ৰুতি মৰ্মে মৰিগাঁৱৰ মাণিপুৰ অঞ্চলত স্থাপন কৰে কেইবাটাও আধাৰশিলা স্থাপনৰ কাম ৷ ২০২০/২১ বিত্তীয় বৰ্ষত সমষ্টি উন্নয়নৰ বাবে আৱণ্টিত পুঁজিৰে স্থাপন কৰে এই আধাৰশিলাসমূহ ৷