অসম

assam

ETV Bharat / state

ভূৰাগাঁৱত স্পাৰ বান্ধ মেৰামতিত ব্যাপক অনিয়মৰ অভিযোগ - stone spar

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত স্পাৰ বান্ধ মেৰামতিৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ বান্ধ মেৰামতিৰ কামত অধিক মুনাফা লাভৰ বাবে বিষয়াৰ সৈতে ঠিকাদাৰৰ গোপন মিতিৰালিৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

morigaon-stone-spar-scam
স্পাৰ বান্ধ মেৰামতিৰ কামত ব্যাপক অনিয়ম মৰিগাঁও জিলাৰ ভূৰাগাঁৱত

By

Published : May 26, 2021, 1:29 PM IST

মৰিগাঁও,26 মে’: সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ শৈল স্পাৰ। উল্লেখ্য যে, মৰিগাঁও জিলাৰ ভূৰাগাঁৱত 3 কোটি টকীয়া স্পাৰ বান্ধ মেৰামতিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আনকি বান্ধ মেৰামতিৰ নামত ঠিকাদাৰ তথা বিষয়াৰ গোপন মিতিৰালিৰো অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ জাগীৰোড সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকী আৰু ঠিকাদাৰে অধিক মুনাফা লাভৰ বাবে স্পাৰ মেৰামতিৰ কামত সংঘটিত কৰিছে এই অনিয়ম ।

স্পাৰ বান্ধ মেৰামতিৰ কামত ব্যাপক অনিয়ম মৰিগাঁও জিলাৰ ভূৰাগাঁৱত

স্মৰ্তব্য যে, বিগত কেইবছৰ মানৰ পূৰ্বে ভূৰাগাঁও ৰাজহ টাউনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা সুৰক্ষা দি আহা শৈলবান্ধটোৰ এটা অংশ নদীত খহি পৰিছিল । পৰৱৰ্তী সময়ত, এই বান্ধটো মেৰামতিৰ বাবে অহা 3 কোটি টকাৰ কামতে এতিয়া ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

মন কৰিব লগীয়া কথা যে, যি সময়ত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই বিভাগীয় কাম কাজত হোৱা বেমেজালিৰ বাবে ঠিকাদাৰৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ খবৰে সমগ্ৰ ৰাজ্যত চৰ্চা লাভ কৰিছে সেই সময়তে মন্ত্ৰী গৰাকীৰ গৃহ জিলাখনতে এনেদৰে একাংশ তথাকথিত বিষয়া ঠিকাদাৰৰ লুণ্ঠনৰ এনে ঘটনাই এতিয়া সৃষ্টি কৰিছে এক ডাঙৰ প্ৰশ্নবোধকৰ ৷

লগতে পঢ়ক:কৃত্ৰিম বানত বুৰিল ৰঙিয়াৰ মুৰাৰা অঞ্চল

ABOUT THE AUTHOR

...view details