অসম

assam

ETV Bharat / state

বাৰপূজীয়া সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

দেওবাৰে মৰিগাঁও জিলাৰ বাৰপূজীয়া সমবায় সমিতি লিমিটেডৰ 2020-2021 বৰ্ষৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয় ৷ এই সভাত সমবায় সমিতিখনৰ ঋণৰ বিষয়ে আলোচনা কৰা হয় ৷ এই সভাতে আগন্তুক 2020-2021 বিত্তীয় বৰ্ষৰ সম্ভাৱনীয় পৰিকল্পনা পাঠ কৰা হয় ৷

By

Published : Feb 22, 2021, 6:48 AM IST

বাৰপূজীয়া সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
বাৰপূজীয়া সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মৰিগাঁও, 22 ফেব্ৰুৱাৰী : দেওবাৰে মৰিগাঁও জিলাৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত বাৰপূজীয়া সমবায় সমিতি লিমিটেডৰ 2020-2021 বৰ্ষৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয় ৷ এই সভাত সভাপতিত্ব কৰে ফাইন ডেকা ৰজাই ৷ এই সভাতে বিগত বছৰৰ হিচাপ দাখিল কৰা হয় ৷

আনকি এই সভাত সমবায় সমিতি খনৰ ঋণৰ বিষয়ে আলোচনা কৰা হয় ৷ এই সভাতে আগন্তুক 2020-2021 বিত্তীয় বৰ্ষৰ সম্ভাৱনীয় পৰিকল্পনা পাঠ কৰে সমবায় সমিতিখনৰ সচিবে ৷

বাৰপূজীয়া সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

আনহাতে আগন্তুক বৰ্ষত সমবায় খনৰ কুৰি লাখ টকাৰ ঋণৰ বাবে ধাৰ্য কৰাৰ লগতে এখন সমবায় ভিত্তিত গেলামালৰ দোকান খোলাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে । উল্লেখ্য যে, সভাত উপস্থিত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰ্যবেক্ষকে, সমবায় সমিতি খনৰ অংশীদাৰ ৰাইজৰ উপস্থিতিৰ বাবে সমবায় খনৰ সভাপতি আৰু সচিবক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃপৰেশ বৰুৱাক ধন্যবাদ জনালে প্ৰণৱ গগৈ পৰিয়ালে

ABOUT THE AUTHOR

...view details