মৰিগাঁও, 3 জুলাই :শুকুৰবাৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে সংবাদমেল সম্বোধন কৰি পাঠাক গুলীয়াই আহত কৰা ঘটনা সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷ কিয়, ক'ত, কেনেকৈ শিশু ধৰ্ষণ আৰু হত্যাকাৰী অভিযোগত অভিযু্ক্ত পাঠাক গুলীয়াই আহত কৰিবলগীয়া হ'ল সেই বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ জিলাখনৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোঙাৰ ঘটনাস্থলীলৈ নিয়া হৈছিল অভিযুক্ত পাঠাক ।
সেই সময়তে সুযোগ গ্ৰহণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল পাঠায়ে ৷ যাৰ বাবে আৰক্ষীয়ে ভৰিত গুলীয়াই পাঠাক আহত কৰিবলৈ বাধ্য হয় ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে পাঠাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷