মৰিগাঁও, 28 জুলাই : বৰপেটা আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই 7 টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰে(7 Jihadi arrested in Barpeta) ৷ জেহাদীকেইটাক গ্ৰেপ্তাৰৰ পাছত মৰিগাঁও জিলা আৰক্ষীয়ে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়া গাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত অভিযান (Madrassa sealed in Morigaon)চলাই মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰে ৷
মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন মুফতি মুস্তাফাক আটক কৰাৰ পাছতেই মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত সদৰি কৰে । আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে জানিবলৈ দিয়া অনুসৰি, জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ সন্দেহত মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰা হৈছিল(Police arrested Madrasa head Mufti Mustafa) ৷ আৰক্ষীয়ে মুফতিৰ বেংকৰ পাচবুকৰ লগতে ম'বাইল ফোনো জব্দ কৰিছে ৷ আৰক্ষীয়ে মাদ্ৰাছাৰ ছয়গৰাকী শিক্ষকৰ লগতে এগৰাকী শিক্ষয়ত্ৰীক আটক কৰি মৈৰাবাৰী থানাত সোধপোচ অব্যাহত ৰাখিছে ।
জানিব পৰা মতে, পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি 2018 চনত চহৰীয়া গাঁৱত কৰা হৈছিল মাদ্ৰাছাখন ৷ ইতিমধ্যে মাদ্ৰাছাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে, মোতায়ন কৰা হৈছে আৰক্ষী ৷ মুফতি মুস্তাফাক মৰিগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । মৰিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 156/22 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক :Jihadi arrested at Barpeta: ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ