অসম

assam

By

Published : Jan 24, 2020, 3:22 PM IST

Updated : Jan 24, 2020, 3:28 PM IST

ETV Bharat / state

মৰিগাঁও ডকাইতি কাণ্ডৰ আঁৰৰ ৰহস্য

মৰিগাঁও ডকাইতি কাণ্ডৰ নতুন মোৰ ৷ প্ৰকৃততে ঘটনাটো ডকাইতি কাণ্ড নাছিলেই বুলি সন্দেহ প্ৰকাশ  ৷ ক’লা টকাৰ ব্যৱসায়ৰ পৰিণতিতেই ডকাইতি কাণ্ডৰ ৰূপ দিয়া বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

Morigaon six robber arrested
মৰিগাঁও ডকাইতি কাণ্ডৰ হ’লগৈ ব্যৱসায়িক সংঘাত

মৰিগাঁও, 24 জানুৱাৰীঃবুধবাৰে মৰিগাঁৱত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ ন-ন তথ্য পোহৰলৈ আহিছে ৷ প্ৰকৃততে ঘটনাটো ডকাইতি কাণ্ড নাছিলেই বুলি সন্দেহ প্ৰকাশ ৷ ক’লা টকাৰ ব্যৱসায়ৰ পৰিণতিতেই ডকাইতি কাণ্ডৰ ৰূপ দিয়া বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ ইতিমধ্যেই গ্ৰেপ্তাৰ আঠজনকৈ লোকক ৷ এই ক’লা টকাৰ ব্যৱসায়ৰ বাবেই ঘটনাটোক ডকাইতি কাণ্ডলৈ পৰিণত কৰালে বুলি সন্দেহ ধৃত শহুৰ নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনে ৷ এই ঘটনাক গুৰুত্ব সহকাৰে লৈ স্বয়ং মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নেতৃত্ব দিছিল এই অভিযানত।

উল্লেখ্য যে, মৰিগাঁৱৰ 12 লাখ টকাৰ ডকাইতি কাণ্ডৰ পৰা গুৱাহাটীৰ ন-মাইলৰ পৰা গ্ৰেপ্তাৰ তিনিগৰাকী চিআৰপিএফৰ জোৱানক ৷ মিন্টু কুমাৰ, আছিফ নাবাজ আৰু জিয়াৰুল ৰহমান নামৰ তিনি চিআৰপিএফ জোৱানক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । ইয়াৰে এজন বিষয়া বৰ্তমানেও পলাতক ৷ ডকাইতিৰ ৰূপ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনে 12 লাখ টকা ডকাইতি হোৱা বুলি গোচৰ দি আৰক্ষীক বিপথে পৰিচালিত কৰিছিল বুলি প্ৰকাশ দুই ধৃত ব্যক্তিৰ ৷ নিশা আৰক্ষীযে 3 লাখ টকা অভিযোগকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে । আনহাতে ডকাইতিৰ অভিযোগ দিয়া নুৰ মহম্মদ আৰু ইয়াৰুফ হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে ব্যৱসায়িক সংঘাতৰ ফলতেই জেহেৰুল হক, চাইদুল ইছলাম, চাৰুক আলম চৌধাৰীহঁতে এইবোৰ কামত চিআৰপিএফৰ জোৱান কেইজনক ব্যৱহাৰ কৰে বুলি উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বে যোৰাবাটৰ ডকাইতি ঘটনাৰ লগত চিআৰপিএফৰ জোৱানকেইজন জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । উল্লেখ্য যে, অপৰাধী জেহেৰুল হক প্ৰাক্তন যুৱ কংগ্ৰেছ সভাপতি বট্ৰদৱা সমষ্টিৰ । আনহাতে টকা বনোৱা কেমিকেল ক্ৰয় কৰি কোটি টকা লাভ কৰা ব্যৱসায়িক লেনদেনৰ বাবে এই ঘটনাক ডকাইতি ৰূপ দিয়া বুলি অভিযোগ ধৃত ঠিকাদাৰ শহুৰ-জোৱাইকে ।

আৰু পঢ়কঃবিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত এজাহাৰ

Last Updated : Jan 24, 2020, 3:28 PM IST

ABOUT THE AUTHOR

...view details