মৰিগাঁও, 29 অক্টোবৰ :যি সময়ত কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ বাবে চৰকাৰৰ ভিতৰচৰাত বিভিন্ন ধৰণৰ আলোচনা চলিছে তেনে সময়তে মৰিগাঁৱত ভালুকৰ সাঙীত পৰিণত হৈছে কোচ ৰাজবংশীৰ বীৰপুৰুষ গৰাকীৰ নামত থকা চিলাৰায় ভৱন । দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে মৰিগাঁৱৰ বৰ্ণসত্ৰসহ চিলাৰায় ভৱনটো ৷ হাবি-জংঘলৰে এৰাবাৰীত পৰ্যবসিত হৈছে কোচ ৰাজবংশীৰ বীৰ পুৰুষ জনৰ নামত থকা চিলাৰায়ক ভৱনটো।
ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ চিলাৰায় ভৱন - চিলাৰায় ভৱনৰ দুৰৱস্থা
যি সময়ত কোচৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ বাবে চৰকাৰৰ ভিতৰচৰাত বিভিন্ন ধৰণৰ আলোচনা চলিছে তেনে সময়তে মৰিগাঁৱত ভালুকৰ সাঙীত পৰিণত হৈছে কোচৰাজবংশীৰ বীৰপুৰুষ গৰাকীৰ নামত থকা চিলাৰায় ভৱন । দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে মৰিগাঁৱৰ বৰ্ণসত্ৰসহ চিলাৰায় ভৱনটো ৷
ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ চিলাৰায় ভৱন
মৰিগাঁৱৰ এই ভৱনটোত নাই এচলা টিনপাত। বছৰ বছৰ ধৰি এনেদৰে দৃষ্টিকটু ভাবে উপেক্ষিত হৈ আছে চিলাৰায় ভৱনটো । ভৱনটো ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পৰিপ্ৰেক্ষিতত ভৱনটোৰ সন্মুখত এতিয়া একাংশই কৰিছে হালধি খেতি। চিলাৰায় ভৱনটোৰ এই দুৰৱস্থাই এতিয়া সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক: ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ?