অসম

assam

ETV Bharat / state

মৰিগাঁৱতো সু-কলমে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা - মৰিগাঁও আৰক্ষী অধীক্ষক

অৱশেষত দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ছয় পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা মাজেৰে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা ।

morigaon-si-re-exam
সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো সু-কলমে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা

By

Published : Nov 22, 2020, 10:51 PM IST

মৰিগাঁও,22 নৱেম্বৰ :দেওবাৰে ৰাজ্যৰ আন আন পৰীক্ষা কেন্দ্ৰ সমূহৰ লেখীয়াকৈ মৰিগাঁও জিলাত কটকটীয়া নিৰাপত্তা মাজেৰে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা। মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়, মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়, মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা সমূহত শান্তি পূৰ্ণ ভাৱে সম্পন্ন হয় বহু বিৰ্তকিত পৰীক্ষাটো । জিলাখনৰ মুঠ ছয়টা কেন্দ্ৰত 3121গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়।

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো সু-কলমে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা

মনকৰিবলগীয়া বিষয় মৰিগাঁও আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই সকলো পৰীক্ষা কেন্দ্ৰৰ মুৰব্বী আৰু প্ৰাৰ্থী সকলৰ সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।


লগতে পঢ়কঃআহোমৰ-ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত : মহেন্দ্ৰ হাজৰিকা

ABOUT THE AUTHOR

...view details