মৰিগাঁও, 8 জানুৱাৰী :এতিয়া শীতৰ বতৰ । অসমীয়া লোকজীৱনৰে অতি নিবিৰভাৱে জড়িত এৰী কাপোৰ বা এৰী চাদৰৰ চাহিদা বৃদ্ধিৰ লক্ষ্যৰে মৰিগাঁও জিলা ৰেচম বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । এৰী,মূগা,পাট পলু পোহাৰ পৰা লেটা সংৰক্ষণ,চকৰি-চকৰা চিনাক্তকৰণেৰ কণী উৎপাদন,সূতা কটা আদিৰ বাবে বিভাগে কৃষক সকলক বিভিন্ন সহায় আগবঢ়াই আহিছে ।
প্ৰাকৃতিক ভাৱে ৰং কৰা বা দিয়া এৰী মূগাৰ বিভিন্ন উৎপাদিত এৰী বস্ত্ৰ প্ৰদৰ্শন ও বিক্ৰী বাবে মৰিগাঁও জিলা ৰেচম বিভাগৰ বাকৰিত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে শীতৰ মেলা। বৃহস্পতিবাৰৰ এই মেলাৰ উদ্ধোধন কৰে জিলা উপায়ুক্ত লীনা দাসে। উপায়ুক্তগৰাকীয়ে জিলা ৰেচম বিভাগৰ অধীক্ষক বীণা হাজৰিকা আৰু বিভাগটোৱে শীতৰ বতৰৰ লগত সংগতি ৰাখি এই এৰী,মূগা চাদৰৰ হাট বজাৰ স্থাপনেৰে অসমীয়া লোকক এৰী কাপোৰৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়।