ETV Bharat Assam

অসম

assam

ETV Bharat / state

দুগৰাকী শিক্ষক আৰু এজন যুৱকৰ এক সুন্দৰ প্ৰচেষ্টা - সত্ৰ

মৰিগাঁৱত তিনিজন ব্যক্তিৰ কুৰি বছৰীয়া বৃক্ষ ৰোপণৰ ধাৰাবাহিকতা । বছৰৰ অধিক সময় ব্যস্ত থাকে বৃক্ষ ৰোপণত ।

morigaon serial  plantation
দুগৰাকী শিক্ষক আৰু এজন যুৱকৰ এক সুন্দৰ প্ৰচেষ্টা
author img

By

Published : Oct 20, 2020, 10:21 AM IST

মৰিগাঁও 19 অক্টোবৰ: দুগৰাকী শিক্ষক আৰু এজন যুৱকৰ এক সুন্দৰ প্ৰচেষ্টা ৷ তেওঁলোকৰ নাম ক্ৰমে হিতেশ শৰ্মা,দেবেন দাস আৰু বসন্ত ডেকা। যাৰ চিন্তাধাৰা আনতকৈ পৃথক। জীৱনৰ কুৰিটা বছৰে ব্যস্ত আছে বৃক্ষ ৰোপণত ৷ পথৰ দাঁতি দেখিলেই এটি গছপুলি ৰোপণ কৰাটো তেওঁলোকৰ কুৰি বছৰীয়া অভ্যাস ৷ মৰিগাঁৱৰ বিভিন্ন নামঘৰ,কীৰ্তন ঘৰ,সত্ৰ,বিদ্যালয়ৰ খেলপথাৰ আদিৰ ভূমিত বৃক্ষ ৰোপণৰে সকলোৰে চিনাকী হৈ পৰিছে৷ জাগীৰোড,মৰিগাঁৱৰ পথৰ দাঁতিত বিগত তিনি বছৰ ধৰি একেধাৰে গছ পুলি ৰোপণেৰে মৰিগাঁৱত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে হিতেশ শৰ্মা,দেবেন দাস আৰু বসন্ত ডেকাৰ নামৰ তিনিজনীয়া দলটোৱে । তেওঁলোকৰ এই পদক্ষেপক এছামে ঠাট্টা মস্কৰা কৰাৰ বিপৰীতে শলাগ লৈছে বহুজনে।

in article image
দুগৰাকী শিক্ষক আৰু এজন যুৱকৰ এক সুন্দৰ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details