মৰিগাঁও,4 চেপ্তেম্বৰঃ মৰিগাঁৱত মঙলবাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় জ্ঞান বিজ্ঞান মেলা । শংকৰদেৱ বিদ্যা নিকেতনৰ মৰিগাঁও সংকুলৰ উদ্যোগত ১৩খন বিদ্যা নিকেতনৰ ২০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰে এই বিজ্ঞান মেলাত।
মৰিগাঁৱত জ্ঞান বিজ্ঞান মেলা - বানপানী
মেথচ চিটি,চন্দ্ৰ যান,দূৰবীক্ষণ,অনুবীক্ষণ,সৌৰশক্তি,মিছাইল, বানপানীৰ উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰৰ আৰ্হি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে ৷
মূলত শিশু,বালক আৰু কিশোৰ শাখাৰ আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতাৰ ভাৱ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই বিজ্ঞান মেলা। উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত স্থানপ্ৰাপ্ত সকলে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত নিৰ্বাচিত হোৱা সকলে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে সুবিধা পাব বুলি প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই। জিলাখনৰ কেবাখনো শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই বিজ্ঞান বিষয়ৰ প্ৰদৰ্শনীত আৰ্হি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে মেথচ চিটি,চন্দ্ৰ যান,দূৰবীক্ষণ,অনুবীক্ষণ,সৌৰশক্তি,মিছাইল, বানপানীৰ উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰৰ আৰ্হি উদ্ভাৱন কৰি ইয়াৰ কৰ্ম আৰু শৈলীৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ৷