বোকা-পানী আৰু জাৱৰ-জোথৰে ভৰা মৰিগাঁৱৰ এটা পথ - morigaon
বোকা, পানী, জাৱৰ-জোথৰে ভৰা এক অৱৰ্ণনীয় পৰিৱেশৰ মাজত অৱস্থিত এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত স্থানীয় ৰাইজে অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিব লগা হৈছে ৷
মৰিগাঁও, 5 জুলাইঃ মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে লাগি থকা আৰু মৰিগাঁও সদৰ আৰক্ষী থানা সংযোগী পথৰ কদৰ্যময় অৱস্থাই জ্বলা-কলা খুৱাইছে মৰিগাঁৱৰ ৰাইজক ৷ বোকা-পানী, জাৱৰ-জোথৰে ভৰা এক অৱৰ্ণনীয় পৰিৱেশৰ মাজত অৱস্থিত এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত স্থানীয় ৰাইজে অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিব লগা হৈছে ৷ উল্লেখযোগ্য যে, পথটোৰ চৌপাশে কেইবাখনো স্কুল, সাংস্কৃতিক প্ৰকল্প, চি আৰ পি এফ বিষয়াৰ কাৰ্যালয় থকাৰ উপৰিও মাত্ৰ চল্লিশ মিটাৰ নিলগতে মৰিগাঁও পৌৰসভাৰ কাৰ্যালয় অৱস্থিত ৷ ইয়াৰ লগতে মৰিগাঁও আৰক্ষী থানালৈও দৈনিক বহু সংখ্যক লোকে অহা-যোৱা কৰে ৷ এনে এটা গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ বাবে চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷