অসম

assam

ETV Bharat / state

মৰিগাঁৱত দ খাৱৈত বাগৰি পৰিল বলেৰ' পিক ভান

মৰিগাঁৱত শণিবাৰে পূৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত কোনো লোক গুৰুতৰ ভাৱে আহত নহ’ল যদিও ক্ষতি হয় বাহনখনৰ ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন ৷

Morigaon road accidents
মৰিগাঁৱত দ খাৱৈত বাগৰি পৰিল বলেৰ' পিক ভান

By

Published : Dec 26, 2020, 4:35 PM IST

মৰিগাঁও,26ডিচেম্বৰ: এতিয়া জাৰকালিৰ বতৰ ৷ এই সময়চোৱাত যাত্ৰাৰ সময়ত অথবা বাহনখন চলাই গৈ থকাৰ সময়ত হওক অধিক সচেতন ৷ আপোনাৰ অলপ অসাৱধানতাৰ বাবে সংঘটিত হ'ব পাৰে ভয়াৱহ পথ দুৰ্ঘটনা ৷ কিয়নো ৰাজ্যত প্ৰতিদিনে ডাঠ কুৱলীৰ বাবে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা ৷ শনিবাৰে তেনে এক পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় মৰিগাঁৱত ৷ জিলাখনৰ খান্দাজান পকী দলঙৰ কাষত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ এখন মহিন্দ্ৰা বলেৰ' পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ খাৱৈত ৷ অৱশ্যে এই ঘটনাত কোনো লোক গুৰুতৰ ভাৱে আহত নহ’ল যদিও ক্ষতি হয় বাহনখনৰ ৷

মৰিগাঁৱত দ খাৱৈত বাগৰি পৰিল বলেৰ' পিক ভান

ইফালে, দুৰ্ঘটনা সংঘটিত হোৱা বাহন খনৰ মালিকজন মৈৰাবাৰীৰ চালাকাতিৰ বুলি জানিব পৰা গৈছে ৷

অন্য এক খবৰৰ বাবে: গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details