অসম

assam

By

Published : Aug 1, 2019, 11:36 PM IST

ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁৱত পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা এল্ট' বাহনৰ৷ আহত দুজন । উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীৰ জিএম চি এইচলৈ প্ৰেৰণ ।

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁও, 1 আগষ্টঃ মৰিগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে বিয়লি এখন এল্ট' বাহন মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখে গৈ থকাৰ সময়তে গলচেপা আৰু নাঙল কুছিৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ ইয়াৰ ফলত চালক মানব ডেকাৰ লগতে বিষ্ণু পাটৰ নামৰ আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয় । স্থানীয় ৰাইজৰ সহযোগত দুই গৰাকীকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনহাতে মানব ডেকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচিএইচলৈ প্ৰেৰণ ।

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details