মৰিগাঁও,21জানুৱাৰীঃমৰিগাঁৱত উদ্ধাৰ এটা পুৰণিকলীয়া কাঠৰ বৃহৎ আকাৰৰ পাত্ৰ (নদীয়া) । ধাৰণা কৰা মতে এই পাত্ৰ আথবা নদীয়াটো নিৰ্মাণৰ কৰাৰ বয়স প্ৰায় এতিয়া আঢ়ৈ শ বছৰ অতিক্ৰম কৰিছে । উল্লেখযোগ্য যে, কাল শিলা সত্ৰৰ প্ৰয়াত ডেকা অধিকাৰী পীতাম্বৰ মহন্তৰ পুত্ৰ ৰঞ্জণ মহন্তই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে এসময়ত কালশিলা সত্ৰত এইটো কাঠেৰে নিৰ্মিত পাত্ৰ বা নদীয়াটো ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিছিল । পাত্ৰ অথবা নদীয়াটোৰ দীঘে-৪ ফুট, পুতলে ৩ ফুট আৰু উচ্চতা প্ৰায় দহ ইঞ্চি হ’ব । একেদৰে পাত্ৰটো ধৰিবলৈ চাৰিওফালে চাৰিডাল নাল থকাও দেখা গৈছে । সম্প্ৰতি পাত্ৰটোৰ এটা নাল ন’ষ্ট হোৱা দেখিবলৈ পোৱা গৈছে ।
মৰিগাঁৱত উদ্ধাৰ এটা আঢ়ৈ শ বছৰীয়া বৃহৎ কাঠৰ পাত্ৰ - বছৰীয়া এটা কাঠৰ পাত্ৰ
মৰিগাঁৱত উদ্ধাৰ এটা পুৰণিকলীয়া কাঠৰ বৃহৎ আকাৰৰ পাত্ৰ (নদীয়া) । দলৈচুবা কালশিলা সত্ৰত উদ্ধাৰ কৰা হৈছে এই পাত্ৰটো । সংৰক্ষণ অভাৱত জহি খহি যোৱাৰ উপক্ৰম হৈছে পুৰণিকলীয়া পাত্ৰটোৰ ।
![মৰিগাঁৱত উদ্ধাৰ এটা আঢ়ৈ শ বছৰীয়া বৃহৎ কাঠৰ পাত্ৰ মৰিগাঁৱত উদ্ধাৰ এটা আঢ়ৈ শ বছৰীয়া বৃহৎ কাঠৰ পাত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10321527-988-10321527-1611212433073.jpg)
এচটা কাঠৰ পৰা তৈয়াৰ কৰা এই প্ৰাত্ৰটো ভাত বা অন্য ধৰণৰ খাদ্য সামগ্ৰী ৰাখিবলৈ ব্যৱহাৰকৰা হৈছিল বুলি বিভিন্ন জনে মত পোষণ কৰি আহিছে । যদিও মানুহৰ মুখে মুখে এই পাত্ৰটোৰ বিষয়ে বিভিন্ন ধৰণৰ কথা ওলাই আহিছে আজিও ইয়াৰ প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিব পৰা নাই ৷ সম্প্ৰতি দলৈচুবা গাঁৱৰ কালশিলা সত্ৰ প্ৰয়াত সত্ৰাধিকাৰৰ পুত্ৰ ৰঞ্জণ মহন্তৰ বাসগৃহতে পাত্ৰটো আছে ইয়াক সংৰক্ষণ কৰাৰ লগতে প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ পুৰাতত্ব বিভাগ আৰু পযৰ্টন বিভাগক স্থানীয় ৰাইজৰ লগেতে ৰঞ্জণ মহন্তই আহ্বান জনাইছে ।
লগতে পঢ়কঃ নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড