অসম

assam

ETV Bharat / state

মৰিগাঁৱত বানৰ পূৰ্বে ৰেড ক্ৰছ চ’ছাইটিৰ সজাগতা বৈঠক - বান

ৰেড ক্ৰছ চ’ছাইটি মৰিগাঁও জিলা সমিতিৰ বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত আগতীয়াকৈ বানৰ সময়ত ল’ব লগা সাৱধানৰ বিষয়ে আলোচনা সংস্থাটোৰ বিষয়ববীয়াসকলৰ ৷

red cross society meeting
ৰেড ক্ৰছ চ’ছাইটিৰ বৈঠক

By

Published : Apr 9, 2021, 6:20 AM IST

মৰিগাঁও,9 এপ্ৰিল : বৃহস্পতিবাৰে বিয়লি ভাগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ৰেড ক্ৰছ চ’ছাইটি মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল ৷ বৈঠকত আগতীয়াকৈ বানৰ সময়ত ল’ব লগা সাৱধানৰ বিষয়ে আলোচনা কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে ।

ৰেড ক্ৰছ চ’ছাইটিৰ বৈঠক

জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনৰ উদ্যোগত বানৰ পূৰ্বে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে ৰেড ক্ৰছ চ’ছাইটি মৰিগাঁও জিলাই সকলো বানাক্ৰান্তৰ বাবে লৈ অহা পদক্ষেপৰ ব্যাখ্যা আগবঢ়ায় জিলা সমিতিৰ সম্পাদক পৰমানন্দ গোস্বামীয়ে ।

উক্ত বৈঠকত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অজিত শৰ্মা, হানিফ নুৰাণি প্ৰমুখ্যে জ্যেষ্ঠ বি৷য়া সকল ৷

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুখথেকেচা আছুৰ

ABOUT THE AUTHOR

...view details