মৰিগাঁও,24আগষ্টঃ মৰিগাঁৱত শনিবাৰে এক ব্যতিক্ৰমী জন্মাষ্টমী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই জন্মাষ্টমী অনুষ্ঠানতে পাঁচ সহস্ৰাধিক শিশুৰ কৃষ্ণ নৃত্যৰে গঢ়িলে বিশ্ব অভিলেখ । জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ শংকৰদেৱৰ বিদ্যালয়ৰ শিশুসকলৰ দ্বাৰা মৰিগাঁও তৰুণৰাম খেলপথাৰত সমবেত হৈ এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণ সংস্কৃতিৰে বিশ্বজয় কৰাৰ বাবে আহ্বান জনায় । অনুষ্ঠানৰ শেষত বিশ্ব ৰেকড সংস্থাই প্ৰদান কৰে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ ।
মৰিগাঁৱৰ জন্মাষ্টমী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল - মৰিগাঁও
মৰিগাঁৱত পাঁচ সহস্ৰাধিক শিশু কৃষ্ণৰ নৃত্যৰে গঢ়িলে বিশ্ব অভিলেখ । অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণ সংস্কৃতিৰে বিশ্বজয় কৰাৰ বাবে আহ্বান ।
মৰিগাঁৱৰ জন্মাষ্টমী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল
উল্লেখ্য যে এই কৃষ্ণ জন্মাষ্টমী কাৰ্যসূচীত উত্তৰ কমলাবাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, মন্ত্ৰী পিয়ুয হাজৰিকা, আঙুৰলতা ডেকাকে ধৰি বহু লোক উপস্থিত থাকে ।