অসম

assam

ETV Bharat / state

মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ - Morigaon rape update

ছৈয়দ আলী মুঞ্চিয়ে বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি ঘটনাৰ বুজ লৈছিল ।

পাঠাক লৈ আৰক্ষীৰ চৰজমিন তদন্ত
বালিডোঙা কাণ্ডৰ মূল অভিযুক্তক লৈ আৰক্ষীৰ স্বৰজমিন তদন্ত

By

Published : Jul 10, 2021, 1:59 PM IST

Updated : Jul 10, 2021, 2:11 PM IST

মৰিগাঁও, 10 জুলাই : কিশোৰী ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত ৬৫ বছৰীয়া ছৈয়দ আলী মুঞ্চি ওৰফে পাঠাক লৈ মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) শনিবাৰৰ পৰা আৰম্ভ কৰিছে চৰজমিন তদন্ত ৷ আজি পুৱা প্ৰতিকুল বতৰৰ মাজতে মৰিগাঁও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত প্ৰথমবাৰলৈ বালিডোঙাৰ ঘটনাস্থলীলৈ পাঠাক আনি চৰজমিন তদন্ত প্ৰক্ৰিয়াৰ আৰম্ভ কৰে । আনহাতে, সংবাদ মাধ্যমৰ আগত কিশোৰীগৰাকীক ধৰ্ষণ আৰু হত্যা কৰাৰ কথা স্বীকাৰ কৰে ছৈয়দ আলী মুঞ্চিয়ে ।

পাঠাক লৈ আৰক্ষীৰ চৰজমিন তদন্ত

বালিডোঙাৰ ছৈয়দ আলী ওৰফে পাঠাই 20 জুনৰ পুৱা ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীক ধৰ্ষণ আৰু তাৰ পাচত হত্যাৰ দৰে পৈশাচিক কাণ্ড সংঘটিত কৰিছিল । এই ঘটনাই সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । ফলস্বৰূপেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি ঘটনাৰ বুজ লৈ আৰক্ষীক শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ 112/21, IPC US 376 নং গোচৰৰ ভিত্তিত মৰিগাঁও আৰু ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই ২৭ জুনত ছৈয়দ আলী মুঞ্চি ওৰফে পাঠাক গ্ৰেপ্তাৰ কৰিছিল ৷

ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় । উল্লেখ্য যে, মৰিগাঁও আৰু ভূৰাগাঁও আৰক্ষীয়ে ২৭ জুনত পাঠাক গ্ৰেপ্তাৰ কৰাৰ পিছত 2 জুলাইৰ নিশা ভূৰাগাঁও বালিডোঙাৰ ঘটনাস্থলীলৈ আনি থকা সময়ত ভূৰাগাঁও মৰিগাঁও পথৰ গছগুৰিত মাটি পানী চুবলৈ বুলি আৰক্ষীৰ গাড়ীৰ পৰা নামি পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ যাৰ ফলত আৰক্ষীয়ে মুঞ্চিলৈ লক্ষ্য কৰি তিনিজাই গুলী চলায় ৷ ইয়াৰে দুইজাঁই গুলী পাঠাৰ দুয়োখন ভৰিত লাগে আৰু নিশাই পাঠাক মৰিগাঁও অসামৰিক চিকিৎসালয় (Morigaon Civil Hospital)ত ভৰ্তি কৰা হয় ৷

পৰৱৰ্তী সময়ত পাঠাক গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় । বালিডোঙা কাণ্ডৰ মুল অভিযুক্ত 65 বছৰীয়া চৈয়দ আলীয়ে আৰোগ্যৰ লাভ কৰাৰ পাছত শুকুৰবাৰে আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে মৰিগাঁও বিশেষ পচক’ (POSCO)ৰ আদালতত হাজিৰ কৰায় ।

লগতে পঢ়ক :POSCO আইনৰ অধীনত ছৈয়দ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু

Last Updated : Jul 10, 2021, 2:11 PM IST

ABOUT THE AUTHOR

...view details