অসম

assam

By

Published : May 7, 2019, 8:14 PM IST

Updated : May 7, 2019, 8:37 PM IST

ETV Bharat / state

মৰিগাঁৱত পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ কৰিছে মৰিগাঁৱৰ ইছলাম ধৰ্মী লোকসকলে ৷

মৰিগাঁৱতো পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ

মৰিগাঁও, 7 মে’: বিশ্বৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাৱে মৰিগাঁৱৰ মৰিমুছলমান গাঁৱৰ ইছলাম ধৰ্মী ৰাইজেও পবিত্ৰ ৰমজানৰ ব্ৰত পালনৰে আৰম্ভ কৰিছে ৰোজা । ইয়াৰ বাবে মৰিগাঁও মৰিমুছলমান গাঁৱৰ বৰ মছজিদত আৰম্ভ হৈছে সমূহীয়া নামাজ । সূৰ্যোদয়ৰ পূৰ্বে পাতলীয়া আহাৰ গ্ৰহণ কৰি উপবাসে থাকি দুপৰীয়া আচাৰৰ আজানৰ বাবে এনেদৰেই ল'ৰা,বুঢ়া আটায়ে সমবেত হৈ আদায় কৰে ৰমজানৰ প্ৰথমটো আচাৰৰ নামাজ । দুপৰীয়া ৰমজানৰ নামাজৰ সময়সূচী মতেই ইমাম তথা হাজিগৰাকী য়ে আজান দিয়াৰ পাছতে গাঁৱৰ আটায়ে আল্লাহৰ ওচৰত সমৰ্পণ কৰে ।

মৰিগাঁৱতো পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ
আনহাতে পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত বা ৰোজা ৰখাৰ নীতি নিয়মৰ বিসয়ে উপস্থিত সকলোকে কেতবোৰ পৰামৰ্শ আগবঢ়ায় বৰ মছজিদৰ মৌলানাগৰাকীয়ে ৷ তেওঁ কয় যে কেৱল ব্ৰত ৰাখিলেই নহয় ইয়াৰ সমান্তৰাল কৈ ৰিপু দমন কৰাটো অতি জৰুৰী । সেয়ে কোনো কাৰণতে ৰোজা ৰাখোতাসকলে গধূৰ আহাৰ ল’ব নালাগে ।

আৰু পঢ়ক: নিজা বাসগৃহত ৰিয়ান পৰাগৰ সংবাদমেল

কোনোধৰণৰ অসামাজিক কামকাজৰ লগত জড়িত হ’ব নালাগে । বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে পবিত্ৰ ৰমজানৰ বাবে মৰিগাঁও মৰিমুছলমান গাঁৱৰ ইছলাম ধৰ্মী ৰাইজেও জীৱনৰ বিষয় বাসনাক একাষৰীয়া কৰি ৰমজানৰ প্ৰথমটো আচাৰ আজানৰ বাবে এনেদৰেই বৰমছজিত সমবেত হৈ পালন কৰে ৰমজানৰ পৰম্পৰা ।

Last Updated : May 7, 2019, 8:37 PM IST

ABOUT THE AUTHOR

...view details