মৰিগাঁও, 3 নৱেম্বৰ: দেওবাৰে মৰিগাঁও চহৰৰ লাহৰীঘাটত ৰাইজে সাব্যস্ত কৰিলে এক উত্তাল প্ৰতিবাদ ৷ এগৰাকী যুৱতীয়ে তিনিজন যুৱকৰ ওপৰত অশালীন ইংগিত দিয়াৰ অভিযোগৰে তৰা এক গোচৰক ৰাজনৈতিক ষড়যন্ত্ৰ তথা ভুৱা আখ্যা দি অভিযুক্ত যুৱক কেইজনৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ লাহৰীঘাটৰ তিনিচুকীয়া বজাৰত হাতে হাতে প্লেকাৰ্ড লৈ দোষীক শাস্তি দিয়ক, ৰাজনৈতিক ষড়যন্ত্ৰ নিপাত যাওঁক, ঘটনাৰ উচিত তদন্ত কৰক, প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
লাহৰীঘাটত ৰাইজৰ উত্তাল প্ৰতিবাদ - তিনি যুৱকৰ বিৰূদ্ধে যুৱতীক অশালীন ইংগিতৰ গোচৰক ভুৱা আখ্যা দি অভিযুক্তসকলৰ সমৰ্থনত এই প্ৰতিবাদ ৰাইজৰ
তিনি যুৱকৰ বিৰুদ্ধে যুৱতীক অশালীন ইংগিতৰ গোচৰক ভুৱা আখ্যা দি অভিযুক্তসকলৰ সমৰ্থনত এই প্ৰতিবাদ ৰাইজৰ ৷
![লাহৰীঘাটত ৰাইজৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4950228-thumbnail-3x2-kssdkdk.jpg)
লাহৰীঘাটত ৰাইজৰ উত্তাল প্ৰতিবাদ
তিনি যুৱকৰ বিৰূদ্ধে যুৱতীক অশালীন ইংগিতৰ গোচৰক ভুৱা আখ্যা দি অভিযুক্তসকলৰ সমৰ্থনত এই প্ৰতিবাদ ৰাইজৰ
ঘটনা অনুসৰি, কিছুদিন পূৰ্বে লাহৰীঘাটৰ তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইন, তিনিচুকীয়া ম'হমাৰি পথাৰৰ শিক্ষক তথা সমাজ সেৱক কমৰুল হুছেইন আৰু যুৱ ব্যবসায়ী আক্কাছ আলীৰ বিৰুদ্ধে টেঙাগুৰিৰ এগৰাকী যুৱতীয়ে অশ্লীল ইংগিত দিয়া বুলি গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ পাছতে দেওবাৰে অভিযুক্ত সকলৰ পক্ষত শতাধিক ৰাইজে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে অশ্লীল ইংগিতৰ ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি ঘটনাটোৰ উচিত তদন্ত দাবী কৰে ৷