মৰিগাঁও , 27 জানুৱাৰী :মৰিগাঁৱত অবৈধ ইটাভাটা মালিকৰ দৌৰাত্ম্য । চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জিলা প্ৰশাসনক ১৫দিনৰ সময় সীমা মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ । সোমবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ প্ৰাঙ্গণত চাৰিঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । শতাধিক পুৰুষ-মহিলাইঅবৈধ ইটাভাটাৰ মালিকৰ বিৰুদ্ধেহাতে-হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনত ইটাভাটা স্থাপন কৰাৰ নামত দুখীয়া কৃষকৰ খেতিৰ মাটি অনিষ্ট সাধন কৰি একাংশ চক্ৰ বিষয়াই প্ৰদান কৰা প্ৰমাণ পত্ৰ লৈ কাঠফুলাৰ দৰে ইটাভাটা গঢ়ি তুলিছে বুলি মন্তব্য কৰে সংগঠনৰ সভাপতি নুৰ হুচেইনে ৷
মৰিগাঁৱত গঢ় লৈ উঠিছে অবৈধ ইটাভাটা - সংগঠনৰ সভাপতি নুৰ হুচেইন
মৰিগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ইটাভাটা বন্ধ কৰাৰ দাবীত মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট । কৃষি ভূমি আৰু জনস্বাস্থ্য লৈ সংকেত কঢ়িয়াই অনা ইটাভাটাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ জিলা প্ৰশাসনক ১৫দিনৰ চৰম সীমা প্ৰতিবাদী সংগঠনৰ ।

উল্লেখ্য যে ইটাভাটাৰ প্ৰকৃত তথ্য বিচাৰি মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ সভাপতি নুৰ হোছেইনে মৰিগাঁও জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছিল যদিও জিলা প্ৰশাসনে যোগান ধৰিব নোৱাৰিলে কোনো তথ্য । সভাপতি নুৰ হোছেইনে কয় যে নগাঁও প্ৰদূষণ নিয়ন্ত্ৰন বৰ্ডৰ পৰা তথ্য সংগ্ৰহ কৰিসোমবাৰে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উপায়ুক্তক তদন্তৰ বাবেস্মাৰক পত্ৰদাখিল কৰে । বিশেষকৈ জিলাখনৰ অধিক সংখ্যক ইটাভাটাৰ মালিকে ইটাভাটাৰ স্থাপন চৰকাৰী বিধি উলংঘা কৰি কম ঘনত্ব আৰু সাধাৰণ চিমনীৰে ইটাৰ ব্যৱসায় কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ।
আৰু পঢ়ক :মৰিগাঁৱত জিলা উপায়ুক্তই শুভাৰম্ভ কৰে পালছ পলিঅ' অভিযান