অসম

assam

ETV Bharat / state

মৰিগাঁৱত দুৰ্নীতিৰ তদন্ত দাবী স্বয়ং পঞ্চায়ত সভানেত্ৰীৰ - চতুৰ্দশ বিত্তীয় আয়োগ

মৰিগাঁৱৰ নগাবন্ধা পঞ্চায়তত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ। পঞ্চায়ত বাসীক বিভ্ৰান্ত কৰাৰ অভিযোগ তুলি সভানেত্ৰী আৰু ৰাইজে গোচৰ তৰিলে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে।

Morigaon president Vs ward member
মৰিগাঁৱত দূৰ্নীতিৰ তদন্ত দাবী স্বয়ং পঞ্চায়ত সভানেত্ৰীৰ

By

Published : Oct 21, 2020, 12:33 PM IST

মৰিগাঁও 21 অক্টোবৰ:মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তত প্ৰতিবাদ। স্বয়ং পঞ্চায়ত সভানেত্ৰীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে নিজেই বিচাৰিলে তদন্ত ৷ মৰিগাঁৱৰ নগাবন্ধা পঞ্চায়তৰ এজন ৱাৰ্ড সদস্যই নগাবন্ধা পঞ্চায়ত সভানেত্ৰীয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নগাবন্ধা খেল পথাৰত নিৰ্মাণ হ'ব লগা এটা গেলেৰিৰ কাম নকৰাকৈ আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল।

মৰিগাঁৱত দুৰ্নীতিৰ তদন্ত দাবী স্বয়ং পঞ্চায়ত সভানেত্ৰীৰ

এনে অভিযোগে কঁপনিৰ সৃষ্টি কৰিছিল পঞ্চায়তখনত ৷ এই ঘটনাৰ পাছতেই সভানেত্ৰী গৰাকীয়ে পঞ্চায়ত বাসীক পঞ্চায়ত কাৰ্য্যলয়লৈ নিজেই মাতি আনি আঁচনিৰ নথি পত্ৰ দেখুৱালে। সভানেত্ৰীয়ে দাখিল কৰা তথ্য দেখি অবাক হৈ পৰিল পঞ্চায়তবাসী । আঁচনিৰ নামত আৱন্টিত দুই লাখ টকা নিৰ্মাণ সমিতিৰ পাচ বুকৰ পৰা এটকাও উলিওৱা নাই ।

মৰিগাঁৱত দূৰ্নীতিৰ তদন্ত দাবী স্বয়ং পঞ্চায়ত সভানেত্ৰীৰ

তাৰ পাছতেই পঞ্চায়ত কাৰ্যালয়ত ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰে মিছা অভিযোগকাৰী ৱাৰ্ড সদস্যৰ বিৰুদ্ধে । ৰাইজৰ দাবী-"ৰাজনৈতিক ষড়যন্ত্ৰ নচলিব,আমাক উন্নয়ন লাগে"।উল্লেখ্য যে ৱাৰ্ড সদস্য গৰাকীৰ অৰ্ধনিৰ্মিত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেই সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰে এনে অভিযোগ। সম্প্ৰতি সভানেত্ৰীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি ৱাৰ্ড সদস্যৰ বিৰুদ্ধে তৰিছে গোচৰ ।

লগতে পঢ়ক: কৃষি আইনৰ বিৰোধিতাত সৰৱ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

ABOUT THE AUTHOR

...view details