মৰিগাঁও, 14 আগষ্ট :অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষী তথা প্ৰশাসন কঠোৰ হোৱাৰ পাচতো ৰাজ্যৰ পৰা এতিয়াও শেষ হোৱা নাই অপৰাধৰ মাত্ৰা ৷ বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ বেহাৰ লগত জড়িত বহু অপৰাধী ৷ কিন্তু আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি এতিয়াও একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ ক’লা বেহা ৷ দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে অৰ্থাৎ দেওবাৰে মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷
মৰিগাঁও আৰক্ষীয়ে আটক কৰা ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে শ্বাহজাহান আলী ৷ ধৃত শ্বাহজাহান আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি চাবোনৰ কন্টেইনাৰ ৷ জব্দকৃত চাবোনৰ কন্টেইনাৰ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 11 গ্ৰাম ড্ৰাগছ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধৃত শ্বাহজাহান আলী পেচাত এজন গাড়ী চালক ।
বিৱৰণি অনুসৰি, দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰিগাঁৱতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ প্ৰতিদিনৰ দৰে দেওবাৰেও আৰক্ষীয়ে মৰিগাঁৱত চলাই আহিছিল তালাচী অভিযান ৷ এই অভিযানৰ সময়তে এক গোপন তথ্যৰ আলমত আৰক্ষীয়ে লাভ কৰে ড্ৰাগছ সৰবৰাহৰ এক খবৰ ৷ এই তথ্যৰ আলমতে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱৰ মেইন পুলিচ পইন্টৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে শ্বাহজাহান আলীক ৷