অসম

assam

ETV Bharat / state

কৰ্তব্যৰ মাজতে মৰিগাঁও আৰক্ষীয়ে কৰিছে ধান, শাক-পাচলিৰ খেতি - police have cultivated paddy vegetables amidst duty

মৰিগাঁৱত অসম আৰক্ষীৰ এক অভিনৱ প্ৰচেষ্টা ৷ মৰিগাঁও আৰক্ষীৰ উদ্যোগত জিলাখনত আন এক সেউজ বিপ্লৱ ৷ কৰ্তব্যৰ সমান্তৰালকৈ আৰক্ষীৰ জোৱানসকলে কৰিছে ধান আৰু শাক-পাচলিৰ খেতি (Police have cultivated paddy vegetables amidst duty) ৷

কৰ্তব্যৰ মাজতে মৰিগাঁও আৰক্ষীয়ে কৰিছে ধান আৰু শাক-পাচলিৰ খেতি
কৰ্তব্যৰ মাজতে মৰিগাঁও আৰক্ষীয়ে কৰিছে ধান আৰু শাক-পাচলিৰ খেতি

By

Published : May 24, 2022, 8:10 PM IST

মৰিগাঁও, 24 মে' : সততে অপৰাধ আৰু অপৰাধীৰ পিছত দৌৰি থাকিবলগীয়া হোৱা আৰক্ষীয়ে এইবেলি প্ৰায় ৩০ বিঘা মাটিত কৰিলে শাক-পাচলি আৰু ধানৰ খেতি (Morigaon police have cultivated paddy vegetables)৷ মৰিগাঁৱৰ ঔজাৰিত এক বৃহৎ পৰিসৰৰ মাটিত মৰিগাঁও আৰক্ষীয়ে কৰিছে এই খেতি ৷ জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীৰ পৰিচালনাত একাংশ গৃহৰক্ষী আৰু আৰক্ষীৰ জোৱানে আৰম্ভ কৰিছে কোমোৰা, জিকা, ভেন্দি, জলকীয়া, মাকৈ আদি বিভিন্ন শাক-পাচলিৰ খেতি ৷ একেধৰণে জিলাখনৰ বৰিবজাৰ আৰক্ষী চকীৰ অব্যৱহৃত মাটিত আৰক্ষীয়ে কৰিলে বৰাধান আৰু জহাধানৰ খেতি ৷

গৃহৰক্ষীৰ জোৱানকে ধৰি একাংশ আৰক্ষীৰ কষ্টৰ ফচল এই খেতি পৰিদৰ্শন কৰিবলৈ সেই স্থানত মাজে মাজে উপস্থিত হয়গৈ জিলাখনৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন (SP Morigaon Aparna N) ৷ সোমবাৰেও জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱাক লগত লৈ খেতিডৰা পৰিদৰ্শন কৰিলে আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷ জনসাধাৰণৰ নিৰাপত্তা তথা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত সদাব্যস্ত এইসকল আৰক্ষী জোৱানে কৰ্মব্যস্ততাৰ মাজতে কৰা খেতি পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰিলে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

কৰ্তব্যৰ মাজতে মৰিগাঁও আৰক্ষীয়ে কৰিছে ধান, শাক-পাচলিৰ খেতি

যি সময়ত আইন শৃংখলাকে আদি কৰি অপৰাধ নিয়ন্ত্ৰণত আৰক্ষীৰ জোৱানসকল ব্যস্ত থাকিবলগীয়া হয়, তেনে সময়তে কৰ্তব্যৰ মাজতে মৰিগাঁও আৰক্ষীয়ে গ্ৰহণ কৰা এনে কৃষিকৰ্মৰ পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া ৷ এহাতে বন্দুক আৰু এহাতে নাঙল ধৰা এই দৃশ্য হয়তো দেশৰ ভিতৰতে বিৰল ৷

লগতে পঢ়ক :কাজিৰঙাৰ বন্য জীৱবোৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাজপথত নামিছে নগাঁও পৰিবহন বিভাগ

ABOUT THE AUTHOR

...view details