মৰিগাঁও, 20 অক্টোবৰ :যোৱা 17 অক্টোবৰত মৰিগাঁও আৰক্ষীৰ জালত পৰিছিল এজন ভুৱা চিকিৎসক ৷ প্ৰায় 7-8 মাহ মৰিগাঁৱৰ লাহৰীঘাটৰ গৰৈমাৰী বজাৰ আৰু কালিকাজাৰি বজাৰত ৰোগীৰ জীৱনক লৈ চৰম হেতালি খেলি থকা নাজিৰুল ইছলাম নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পাছতে নাজিৰুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ভুৱা চীল-মোহৰ, চিকিৎসা পদ্ধতিৰ যন্ত্ৰ-পাতি ।
সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত থকা নাজিৰুলৰ পৰা শেহতীয়াকৈ ন-ন ভয়ংকৰ তথ্য উদঘাটন কৰিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে সংবাদ মেল সম্বোধন কৰি সবিশেষ জানিবলৈ দিলে মৰিগাঁও জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ।
সমীৰণ বৈশ্যই জানিবলৈ দিয়া অনুসৰি অনুজ্ঞাবিহীনভাবে অস্ত্ৰোপচাৰ কক্ষ স্থাপন কৰি অবৈধ গৰ্ভপাত, গ’ল্ডব্লাডাৰ, এপেণ্ডিক্স আৰু চিজাৰিয়ানৰ দৰে অস্ত্ৰোপচাৰ কৰি আহিছিল নাজিৰুল ইছলাম আৰু তেওঁৰ সহযোগীসকলে । অবৈধ অস্ত্ৰোপচাৰ সম্পন্ন কৰি সদ্যোজাতক বিক্ৰীৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিছিল ভুৱা চিকিৎসক নাজিৰুল ইছলামে ।