মৰিগাঁও, ৩১ অক্টোবৰ:আজি দেশজুৰি ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী পালন কৰা হৈছে ৷ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে আজিৰ দিনটো 'ৰাষ্ট্ৰীয় একতা দিৱস ' হিচাপে পালন কৰি আহিছে ৷ আন ৰাজ্য়ৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো এই দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মৰিগাঁও আৰক্ষীৰ উদ্যোগত মঙলবাৰে মৰিগাঁও নগৰৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত কুচকাৱাজ প্ৰদৰ্শন কৰে আৰক্ষী, ছাত্ৰ-ছাত্ৰী আৰু স্কাউট এণ্ড গাইডৰ সদস্যসকলে ।
এই কাৰ্যসূচী পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । জিলা আয়ুক্তগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক একতাৰ সংকল্প পাঠ কৰোৱায় । এই কাৰ্যসূচীত আৰক্ষী, ছাত্ৰ-ছাত্ৰী আৰু স্কাউট এণ্ড গাইডৰ সদস্যসকলে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানৰ আৰম্ভণিতে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা আৰু ড৹ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।