অসম

assam

আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী

By

Published : Feb 8, 2020, 3:57 AM IST

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত এগৰাকী 8 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি লোমহৰ্ষক হত্যাকাণ্ড কৰা মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ ৷

আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী
আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী

মৰিগাঁও, 8 ফেব্ৰুৱাৰীঃ 24 ঘণ্টাৰ ভিতৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জেওৰা খুটিৰে হানি খুচি হত্যা কৰা ধৰ্ষকাৰী অৱশেষত আৰক্ষীৰ জালত ৷

বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত 8 বছৰীয়া কিশোৰীগৰাকীক নিৰ্জন ঠাইত নি জেওৰা খুটিৰে বান্ধি বলৎকাৰ কৰি জেওৰা খুটিৰেই হানি খুচি হত্যা কৰা হৈছিল । তাৰ পাচতেই মৰিগাঁও আৰক্ষীৰ তৎপৰতাত হত্যাকাণ্ডৰ মূল খলনায়ক টুটু ডেকাকশুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ শুকুৰবাৰে হত্যাকাৰীয়ে চিনাক্ত কৰিলে ঘটনাস্থলীৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত জেওৰা খুটি ।

আৰক্ষীৰ জালত 8 বছৰীয়া কিশোৰী ধৰ্ষণকাৰী

বৃহস্পতিবাৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গৈ আবেলি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ সোচাৰ কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহয় ৷ পিচত সন্ধিয়া ভাগত উলংগ অৱস্থাৰ উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷

উল্লেখযোগ্য যে, আৰক্ষীৰ জেৰাত শলমাৰীৰ গাঁৱৰ টুটু ডেকা নামৰ লম্পটটোৱে ধৰ্ষণ কৰি হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ৷ সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে92/2020 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 376/AB/302/201, R/W sections 4 of the POCSO 2012 অধীনত টুটু ডেকাক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details