মৰিগাঁও, 4 অক্টোবৰঃ মৰিগাঁৱৰ বৰালিমাৰী পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত ঠিকাদাৰৰ মইমটালী। অশ্লীল তথা অভব্য আচৰণ কৰি হিতাধিকাৰীক ভাবুকি দি আত্মসাৎ কৰিছে আঁচনিৰ ধন । ’সব কা সাথ সব কা বিকাশ’ শ্ল'গান এতিয়া বোমেৰাং হৈ পৰা দেখিবলৈ পোৱা গৈছে লাহৰীঘাট উন্নয়ন খণ্ডৰ বৰালিমাৰী পঞ্চায়তত। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ পঞ্চায়তটোৰ জনপ্ৰতিনিধিৰ ওপৰত ।
২০১৮-১৯ বৰ্ষত চামিৰুল নেচাৰ নামত আৱণ্টন দিয়া হৈছিল প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধিনত এটা ঘৰ। সৰ্বহাৰা মহিলা গৰাকীৰ ঘৰত কোনো মানুহ নথকাৰ সু-যোগ গ্ৰহণ কৰি প্ৰতিবেশী মইনুদ্দিন নামৰ ব্যক্তি এজনে ঘৰটোৰ নিৰ্মাণৰ বাবে লৈছিল ঠিকা। দুটা কৃষ্টিৰ ধন সৰকাই কেৱল খুটা কেইটা গাঠি পেলাই থলে ঘৰটোৰ নিৰ্মাণৰ কাম। ইপিনে নতুন ঘৰ পোৱাৰ আশাত পুৰণি ঘৰটো ভাঙি ৰুগীয়া মহিলা গৰাকীয়ে আনৰ ঘৰৰ বাৰাণ্ডাতে লৈছিল আশ্ৰয় । কিন্তু দুটাকৈ কৃষ্টিৰ ধন সৰকাই মইনুদ্দিনে পেলাই থৈছে ঘৰটোৰ নিৰ্মাণৰ কাম। ইয়াকে ক’বলৈ যাওঁতে ভুুক্তভোগী ৰোগীয়া মহিলা গৰাকীক অশ্লীল বাক্য বাণেৰে অপদস্থ কৰাৰ অভিযোগ মইনুদ্দিনৰ বিৰুদ্ধে। সম্প্ৰতি পুৰণি ঘৰটো ভাঙি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আচনিৰ ঘৰ পোৱাৰ আশাত গৃহহাৰা হ’ল ৰোগীয়া মহিলা গৰাকী।