মৰিগাঁও,11অক্টোবৰঃ মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ একাংশ সদস্য আৰু কাযৰ্বাহী সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ চৰকাৰী ধনৰ হৰলুকি কৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰা বুলি বিষ্ফোৰক অভিযোগ উঠিছে ৷
অভিযোগ অনুসৰি, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত কোচ ৰাজবংশী সকলৰ বাবে সংৰক্ষিত ১৬ নং শ'লমাৰী সমষ্টিত অধিকাংশ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । সমষ্টিটোৰ নিৰ্বাচিত কংগ্ৰেছী প্ৰতিনিধি নৰোত্তম ডেকা উঠি-ৰজা বহি-ৰজা হৈ পৰা বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, চৰকাৰী সকলো নীতি নিয়ম ভৰিৰে মোহাৰি অনুমোদিত আঁচনিৰ ধন নিজ খেয়াল খুচি মতে ব্যৱহাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে । শ'লমাৰী একমাত্ৰ খেলপথাৰ খনৰ ভূমি উন্নয়নৰ নামত অনুমোদন হৈছিল 5,00000 লাখ টকা।