মৰিগাঁও,12 ছেপ্তেম্বৰঃ আগন্তুক বিধানসভা নিৰ্বাচনত 100% নহয় 200% জিকিব এইবাৰ বিজেপি ৷ শনিবাৰে মৰিগাঁৱত উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকই । মৰিগাঁও জিলাখনত তিনিটাকৈ বিধানসভা সমষ্টি আছে মৰিগাঁও আৰু জাগীৰোড সমষ্টি ইতিমধ্যে বিজেপিৰ দখলত আছে আৰু 2021ৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিও বিজেপিৰ দখলৈ আহিব বুলি জাগীৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য প্ৰকাশ কৰা দেখা গ’ল ৷
2021ৰ নিৰ্বাচনত 200% বিজয়ী হ’ব বিজেপিঃ মন্ত্ৰী পীয়ুষ হাজৰিকা - লাহৰীঘাট সমষ্টি
মৰিগাঁৱত দলীয় এক সাংগঠনিক সভাত অংশ লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য জাগীৰোড আৰু মৰিগাঁও বিধানসভাৰ সমষ্টিতো বিজেপি 200% বিজয়ী হ’ব। জাগীৰোড পেপাৰ মিলৰ কৰ্মচাৰীৰ লগত সদায় আছে আৰু থাকিব মন্ত্ৰী পীয়ুষ হাজৰিকা।
2021ৰ বিধান সভা নিৰ্বাচনত 200% বিজয়ী হ’ব বিজেপিঃ মন্ত্ৰী পীয়ুষ হাজৰিকা
আনহাতে ক’ভিড-19 সংক্ৰান্তত প্ৰশ্ন কৰাত পীয়ুষ হাজৰিকাই কয় যে,ICU আৰু বিচনা সকলো আছে । GMCH ত 50-60 খনকৈ বেড সদায় খালি থাকে গতি সকলো সঠিক মতেই চলি আছে বুলিও জানিবলৈ দিয়ে ৷ ইফালে কৃষক নেতা অখিল গগৈকো প্ৰত্যাহ্বান জনোৱা দেখা গ’ল পীয়ূষ হাজৰিকাই। মনকৰিবলগীয়া যে,জাগীৰোড পেপাৰ মিলৰ প্ৰসংগ উত্থাপন কৰি কয় যে,তেওঁ সদায় পেপাৰ মিলৰ মানুহ খিনিৰ লগত আছে আৰু তেওঁৰ শক্তি সাৰ্মথ অনুসৰি মিলটোৰ জীৱিত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ লাগি আছে ।
লগতে পঢ়কঃশদিয়াত বিজেপিৰ মাজত বিসম্বাদ !