অসম

assam

ETV Bharat / state

Amrit brikshya andolan: মৰিগাঁৱত প্ৰায় আঢ়ৈ লাখ গছপুলি ৰোপণৰ বাবে বিতৰণ

ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত মৰিগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে ২.৭১ লাখ গছপুলি ৰোপণৰ বাবে বিতৰণ কৰা হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ ঔজাৰিত আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে গছপুলি ৰোপনৰ শুভ উদ্বোধন কৰি সকলোকে ২০ ছেপ্টম্বৰলৈ প’ৰ্টেলত গছপুলি ৰোপণৰ ফটো আপলোডৰ আহবান ।

Morigaon people take part in amrit brikshya andolan
গছপুলি ৰোপণ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:39 AM IST

মৰিগাঁও, 18 ছেপ্টেম্বৰ: দেওবাৰৰ দিনটোত ৰাজ্যবাসীয়ে মিলিজুলি অংশ ল’লে অমৃত বৃক্ষ আন্দোলনত ৷ 1 কোটি গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ লগতে অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এক বিশেষ পদক্ষেপ ৷ আন আন জিলাৰ লগতে মৰিগাঁৱতো ৰাইজে সদলবলে অংশ ল’লে অমৃত বৃক্ষ আন্দোলনত ৷

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উলহ-মালহৰে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ কৰা হয় । ৰাজ্য চৰকাৰৰ নিৰ্দেশত দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অংগনবাড়ীৰ কৰ্মী-সহায়িকা, আশাকৰ্মী, শিক্ষক-কৰ্মচাৰীসকলে ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ কৰিবলৈ অমৃত বৃক্ষ আন্দোলনত অংশ লয় ৷ অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনত মৰিগাঁও জিলাত দেওবাৰে বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰা হয় ।

গছপুলি ৰোপণ কাৰ্যসূচী

জিলাখনত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত ১.৩৫ লাখ লোকে নাম পঞ্জীয়ন কৰিছিল । সেই অনুসৰি ২.৭১ লাখ গছপুলি ৰোপণৰ বাবে বিতৰণ কৰা হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ ঔজাৰিত আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে গছপুলি ৰোপণ কৰে । এই অভিযানৰ অধীনত সমগ্ৰ অসমতে ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছিল ।

দেওবাৰে জিলাখনৰ ৮৫ টা গাঁও পঞ্চায়ত, আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, শিক্ষানুষ্ঠান, আৰক্ষী, চাহ-বাগিচা, চৰকাৰী কৰ্মচাৰী, ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত লোক আৰু সাধাৰণ জনতাই পুৱাৰে পৰা আবেলিলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদ, ব্যক্তিগত আৱাস, পথ আৰু নৈৰ দাঁতি, মুকলি পথাৰ আদিত গছপুলি ৰোপণ কৰে ।

উল্লেখ্য যে, অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অধীনত ৰোপণ কৰা গছপুলিৰ (জি.পি.এছ লোকেশ্যন আৰু সময়যুক্ত) ফটো অমৃত বৃক্ষ আন্দোলন ম’বাইল এপ বা পৰ্টেলত ২০ ছেপ্টেম্বৰৰ মাজনিশালৈকে আপলোড কৰিব পাৰিব ।

লগতে পঢ়ক :Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ

ABOUT THE AUTHOR

...view details