মৰিগাঁও, 27 ছেপ্তেম্বৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁৱত দেওবাৰে ৰাজপথলৈ ওলাই আহিল পুৰুষৰ লগতে শ শ মহিলা ৷ দীৰ্ঘদিনে অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিভীষিকাৰ সৃষ্টি কৰাৰ ফলত হাজাৰ হাজাৰ পৰিয়াল পথৰ ভিক্ষাৰী হ’ব লগা হৈছে ৷ আশ্ৰয়স্থানৰ অভাৱত অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে খহনীয়াগ্ৰস্তই ৷
মৰিগাঁৱৰ ৰাজপথত বিশাল মানৱ শৃংখল.. - গৰাখহনীয়াৰ ক্ষতিপূৰণ
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ ক্ষতিপূৰণৰ দাবীৰে মৰিগাঁৱৰ ভূৰাগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ ৷
মৰিগাঁৱত প্ৰতিবাদ
বৰ্তমানো অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীৰে খহনীয়াগ্ৰস্ত লোকসকলে ভূৰাগাঁও-মৰিগাঁও সংযোগী পথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক:আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে